

কোৰোণা প্ৰতিষেধকৰ অপেক্ষাত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ।কোৰোণা ভেকচিনকলৈ পৰীক্ষা নিৰীক্ষা চলি থকাৰ মাজতে প্ৰতিষেধক লাভ কৰাৰ পৰৱৰ্তী পৰিকল্পনা প্ৰস্তুত কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই প্ৰকল্পৰ নাম দিয়া হৈছে Special COVID-19 immunization programme। অহা বছৰ জুলাইৰ ভিতৰত কোৰোণাৰ ভেকচিন বজাৰত উপলব্ধ হোৱাৰ সম্ভাৱনাৰ কথা জনাইছে কেন্দ্ৰই।


কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে জনাইছে যে, পৰিকল্পনাৰ মতে, যদি সকলো ঠিকে থাকে, তেন্তে জুলাইৰ ভিতৰত ভেকচিনৰ প্ৰথম ভাগ লাভ কৰিব কেন্দ্ৰীয় চৰকাৰে। প্ৰথম অৱস্থাত ২৫ৰ পৰা ৩০ কোটি লোকৰ বাবে আহিব ৪০-৫০ কোটি ডোজ।


খবৰ অনুসৰি, জৰুৰী ভাবে ৩০ কোটি লোকক বিনামূলীয়াকৈ দিয়া হ’ব কোৰোণাৰ ভেকচিন। যাৰ বাবে ভেকচিন ক্ৰয় কৰিব কেন্দ্ৰই।


জানিব পৰা মতে, জৰুৰী ভাবে যিসকলক টীকাকৰণ কৰা হ’ব, সেই সকলৰ নৱেম্বৰৰ ভিতৰত তালিকা প্ৰস্তুত হ’ব। ইমিউনাইজেশ্যন তালিকাৰ নাম থকা ব্যক্তিক ভেকচিন দিয়াৰ সময়ত চিহ্নিত কৰাৰ সুবিধাৰ বাবে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা হ’ব।


এই সন্দৰ্ভত এতিয়া পৰৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰথমে ভেকচিন দিবলৈ চাৰিটা বিশেষ শ্ৰেণী চিনাক্ত কৰা হৈছে। প্ৰথম ভাগত আছে চিকিত্সক, নাৰ্ছ, স্বাস্থ্যকৰ্মী, আশা কৰ্মীকে ধৰি প্ৰায় এক কোটি ব্যক্তি। দ্বিতীয় ভাগত আছে দেশৰ ২ কোটি ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ। পৌৰসভাৰ কৰ্মচাৰী. আৰক্ষী আৰু আৰ্মী এই কেটেগ’ৰিৰ অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও ২৬ কোটি ব্যক্তি আৰু ৫০তকৈ কম বয়সীয়া লোকক প্ৰাথমিক টীকাকৰণৰ তালিকাত ৰখা হৈছে।