প্ৰয়াত বাপ্পি লাহিড়ীতকৈও বেছি সোণ পিন্ধি এইজন ব্যক্তিয়ে। কোৰোণা মহামাৰীৰ সময়ত পৰিধান কৰিছিল সোণৰ মাস্ক। বহুতেই তেওঁক কাণপুৰৰ বাপ্পি লাহিড়ী বুলি কয়। কিন্তু সাধাৰণ জনতাই তেওঁক গুগল গ’ল্ডেন বাবা বুলিয়ে চিনি পায়। চাৰি কিলোগ্ৰাম সোণ সকলো সময়তে থাকে তেওঁৰ শৰীৰত। ভৰিত বেছিভাগ সময়ত থাকে ৰূপৰ জোতা। কাণপুৰৰ কাকাদেৱ মন্দিৰত থাকে তেওঁ। তেওঁৰ হাতত সকলো সময়তে থাকে এটা সোণৰ মূৰ্তি। তেওঁ পিন্ধা সোণৰ মাস্কখনৰ ওজন ১০১ গ্ৰাম। ইমান পৰিমাণৰ সোণে বাৰে বাৰে তেওঁক বিপদত পেলাইছে। বহুবাৰ ভাবুকি পাইছে তেওঁ। কিন্তু নিজকে সলনি কৰিব পৰা নাই তেওঁ। এতিয়াও তেওঁৰ শৰীৰত থাকে চাৰি কিলোগ্ৰাম সোণ।