সোণৰ মূল্য আজিও হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে । মাল্টি কমোডিটি এক্সচেঞ্জ (MCX)ত জুনৰ ভৱিষ্যত সোণৰ মূল্য ০.২৯ শতাংশ হ্ৰাসৰ সৈতে ব্যৱসায় কৰি আছে । ইফালে ৰূপৰ মূল্যই আজি সামান্য লাভৰ সৈতে ব্যৱসায় কৰি আছে। মে’ৰ ভৱিষ্যত ৰূপৰ মূল্য ০.৪৫ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । এমচিএক্স-ত মে’ ভৱিষ্যত ৰূপৰ মূল্য ২২৫ টকা বৃদ্ধি হৈ প্ৰতি কিলোত ৬৮,৬৩৫ টকা হৈছে।
কোৰোণা সংকটৰ বাবেই সোণত বিনিয়োগ কৰিছে বিনিয়োগকাৰীসকলে -<br />বিনিয়োগকাৰীসকলে কোৰোণাৰ সময়তেই বহু সোণ ক্ৰয় কৰিছে। পূৰ্বৱৰ্তী বিত্তীয় বৰ্ষ ২০২০-২১ ত সোণৰ আমদানি ২২.৫৮ শতাংশ বৃদ্ধি হৈ ৩৪.৬ বিলিয়ন ডলাৰ বা ২.৫৪ লাখ কোটি টকা হৈছে । আনহাতে পৰিসংখ্যা অনুসৰি, বিত্তীয় বৰ্ষটোত ৰূপৰ আমদানি ৭১ শতাংশ হ্ৰাস হৈ ৭৯.১ নিযুত ডলাৰ হৈছে।