আকৌ হ্ৰাস পাইছে সোণৰ মূল্য। ক্ৰমাগত তিনিদিন ধৰি হ্ৰাস পাই আছে সোণৰ দাম। ডলাৰৰ মূল্য বৃদ্ধিৰ ফলত বিদেশৰ বজাৰত সোণৰ দাম ২ শতাংশ হ্ৰাস পাই ১,৮৬২ মাৰ্কিন ডলাৰ হৈছেগৈ। ভাৰততো প্ৰতি ১০ গ্ৰাম সোণত ৬ হাজাৰ টকা পৰ্যন্ত হ্ৰাস পাইছে। যোৱা ৭ আগষ্টত সোণৰ দাম প্ৰতি ১০ গ্ৰামত আছিল ৫৬ হাজাৰ টকা। আৰু এতিয়া এই মূল্য হ্ৰাস পাই হৈছেগৈ ৫১ হাজাৰ টকা। আশা কৰা হৈছে, অতি শীঘ্ৰে এই ১০ গ্ৰাম সোণৰ মূল্য ৫০ হাজাৰৰো তললৈ আহিব। বিশেষজ্ঞ সকলৰ মতে, আন্তৰ্জাতিক বজাৰত দাম বৃদ্ধি হোৱাৰ বাবেই ভাৰতৰ বজাৰত বাঢ়িছিল সোণৰ দাম। কিন্তু এতিয়া দাম হ্ৰাস পোৱা দেখা গৈছে। দিল্লীত বুধবাৰে প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৫০,৭৫০ টকা হৈছেগৈ। আজিও হ্ৰাস পাইছে সোণ আৰু ৰূপৰ দাম। এম চি এক্স গোল্ড ফিচাৰত বুধবাৰে সোণৰ দাম ১.২ শতাংশ হ্ৰাস পাইছে। এই সপ্তাহত সোণৰ দাম আৰু হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ২৩ ছেপ্তেম্বৰত এক কেজি ৰূপৰ দাম হৈছেগৈ ৫৮,৮৪১ টকা।