গোৱাত বিদেশী অভিনেত্ৰীৰ ঘৰৰ পৰা উদ্ধাৰ হ’ল ওলমি থকা মৃতদেহ Goa Actress Death )। ৰহস্যজনক মৃত্যু এগৰাকী ৰুছ মডেল তথা অভিনেত্ৰীৰ। জনপ্ৰিয় তামিল ছবি ‘কাঞ্চনা থ্ৰী’ত অভিনয় কৰা দেখা গৈছিল মডেল–অভিনেত্ৰী আলেকজেন্দ্ৰা জাভি (Alexandra Djavi)ক। অভিনেত্ৰীগৰাকীৰ বয়স ২৪ বছৰ। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দাক্ষিণাত্যৰ ছবি জগতত।
পেছাত মডেল তথা অভিনেত্ৰী আলেকজেন্দ্ৰা জাভি এগৰাকী ৰাছিয়ান নাগৰিক। বিগত ১৮ আগষ্টত গোৱাৰ এটা ঘৰৰ পৰা অভিনেত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে গোৱা আৰক্ষীয়ে। জানিব পৰা মতে, ঘৰটোত প্ৰেমিকৰ সৈতে আছিল। কিন্তু কিছুদিন পূৰ্বে বিচ্ছেদ হয় দুয়োৰে। আলেকজেন্দ্ৰাক এৰি গুচি যায় প্ৰেমিকে। প্ৰাথমিক তদন্তত অনুমান কৰা হৈছে, হতাশগ্ৰস্ততাৰ বাবে আত্মহত্যা কৰিছে আলেকজেন্দ্ৰাই।
জানিব পৰা মতে, বিচ্ছেদৰ পিছৰে পৰা অৱসাদত ভুগিছিল ৰুছ মডেল তথা অভিনেত্ৰীগৰাকী। চিকিৎসকৰ পৰামৰ্শ মানি ঔষধো গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে ২০১৯ চনত এটা কাৰণত সংবাদ শিৰোনাম দখল কৰিছিল আলেকজেন্দ্ৰাই। এজন ফটোগ্ৰাফাৰৰ বিৰুদ্ধে ব্লেকমেইলিং কৰাৰ অভিযোগ আনিছিল তেওঁ। তেওঁৰ অভিযোগ আছিল, যৌন সম্পৰ্ক স্থাপন কৰাৰ বাবে জোৰ কৰিছিল ফটোগ্ৰাফাৰজনে।