কোৰোণাৰ সংকটৰ ফলত দেশৰ দৰিদ্ৰ পৰিয়াললৈ বিনামূলীয়া চিলিণ্ডাৰ যোগান ধৰা আঁচনি আৰু তিনি মাহ বঢ়াই দিয়াৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত যি এতিয়ালৈকে তৃতীয়টো চিলিণ্ডাৰ লাভ কৰা নাই, তেওঁ ছেপ্তেম্বৰ পৰ্যন্ত বিনামূলীয়াকৈ লাভ কৰিব। এই সুবিধা লাভ কৰিবলৈ কৰিব লাগিব নাম পঞ্জীয়ন।