জানিব পৰা মতে, নাগপুৰৰ পৰা হায়দৰাবাদলৈ গৈছিল বিমানখন। বিমানত আছিল এজন ৰোগী আৰু এজন চিকিৎসক। কিন্তু উৰা মৰাৰ পিছতে যান্ত্ৰিক বিজুতি ঘটে বিমানখনত। কিছু সময় পিছতে বিমানখনৰ এটা চকা খুলি মাটিত পৰে। লগে লগে বিমানখন জৰুৰী অৱতৰণ কৰাৰ সিদ্ধান্ত লোৱা হয়। কিছু সময়ৰ ভিতৰত বিমানখন অৱতৰণ কৰোৱাবলৈ সক্ষম হয় চালকে।