প্ৰতিদিনে বাঢ়িছে পেট্র'ল-ডিজেলৰ মূল্য। আৰু সেই পেট্ৰ'ল বিনামূলীয়াকৈ বিক্ৰী কৰিলে ডিপুৰ মালিকে। ঘটনা মধ্যপ্ৰদেশৰ বেতুল জিলাৰ। পাম্প মালিকৰ নাম দীপক চাইনানী। ঘৰৰ নতুন অতিথিক স্বাগতম জনাই এই অভিনৱ পদক্ষেপ ল'লে দীপকে। যদিও এয়া বিজ্ঞাপনৰ চমক বুলি কৈছে একাংশই।
2/ 6
দীপক চাইনেনীৰ পত্নী শিখা পোৰওৱালে কন্যা সন্তান জন্ম দিয়ে ৯ অক্টোবৰত। আৰু সেই কন্যা সন্তানৰ জন্মৰ আনন্দতে গ্ৰাহকক বিনামূলীয়াকৈ Petrol দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
3/ 6
যদিও প্ৰথমে এই সিদ্ধান্ত লৈ কিছু দ্বিধাগ্ৰস্ত আছিল দীপক। পেট্ৰল পাম্পৰ পৰা বিনামূলীয়া পেট্ৰল দিলে ব্যৱসায়ীক চমক হিচাপে মন কৰিব পাৰে বুলি অনেকে ভাবিছিল। কিন্তু শেষ পৰ্যন্ত ঘৰলৈ কন্যা সন্তান অহাৰ আনন্দত সিদ্ধান্ত লয়।
4/ 6
পূজাৰ মাজতে অষ্টমী, নৱমী আৰু দশেৰাৰ দিনা গ্ৰাহকৰ বাবে এই বিশেষ সুবিধা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। পাম্পৰ সন্মুখত ডাঙৰ ডাঙ চাইনবোৰ্ড লগোৱা হয়। জনোৱা হয় যে,, কন্যাৰ জন্মৰ আনন্দত ৫-১০ শতাংশ পেট্ৰল বিনামূলীয়াকৈ লাভ কৰিব সকলোৱে।
5/ 6
গ্ৰাহকৰ প্ৰতিক্ৰিয়া কি আছিলঃ প্ৰথমে গ্ৰাহণসকলে বিশ্বাস কৰা নাছিল। বহুতে উৰা বাতৰি বুলি ভাবিছিল। কিন্তু সেয়া মিছা প্ৰমাণিত কৰে দীপকে।
6/ 6
দীপকে এই সন্দৰ্ভত কৈছে যে, পৰিয়াললৈ কন্যা সন্তান আহিলে স্বাগতম জনোৱা উচিত। লৰা ছোৱালীৰ মাজত প্ৰাৰ্থক্য ৰখা উচিত নহয়।