ফিক্সড ডিপজিট (Fixed Deposits) হৈছে সকলো প্ৰকাৰৰ সঞ্চয় আঁচনিত (Savings Schemes) মানুহৰ আটাইতকৈ পছন্দৰ বিনিয়োগ বিকল্প। সঞ্চয় কৰাৰ এই ধৰণটো সকলো বয়সৰ মানুহে ভাল পায়। জ্যেষ্ঠ নাগৰিকসকলৰ মাজত ফিক্সড ডিপজিটত বিনিয়োগ কৰাটো যথেষ্ট জনপ্ৰিয়। কাৰণ তেওঁলোকে ভাল সুত পোৱাৰ লগতে উপাৰ্জন পাব বুলি আশা কৰে।
RBI-এ প্ৰায় ১ বছৰত ইয়াৰ ৰেপো ৰেট ৪ শতাংশত বজাই ৰাখিছে, যাৰ ফলত বেছিভাগ বেঙ্কে এফ.ডি.-ৰ সুতৰ হাৰ হ্ৰাস কৰিছে। সুতৰ হাৰ হ্ৰাস হোৱা স্বত্বেও, বহুতো সৰু ব্যক্তিগত বেঙ্কে জ্যেষ্ঠ নাগৰিকসকলক ৩ বছৰীয়া এফডিৰ ওপৰত ৭ শতাংশলৈকে সূত আগবঢ়াইছে। আমি শীৰ্ষ ৫ টা বেংকৰ এখন তালিকা প্ৰদান কৰিছো যিয়ে জ্যেষ্ঠ নাগৰিকসকলক ৩ বছৰৰ এফডিৰ ওপৰত সৰ্বাধিক সুত প্ৰদান কৰে।