দেওবাৰে আহিল এটা ভালখবৰ! ভাৰতৰ কোৰোণা ভেকচিন ‘কোভাক্সিন’ৰ প্ৰথম পৰ্যায়ৰ ট্ৰাইলে দেখুৱাইছে আশাৰ ৰেঙণি। যোৱা ২৪ জুলাই শুকুৰবাৰে হায়দৰাবাদৰ ভাৰত বায়টেক আৰু আই চি এম আৰ, নেচনেল ইনষ্টিটিউট অৱ ভাইৰোল’জিৰ সন্মিলিত প্ৰচেষ্টাত দেশৰ প্ৰথম কোৰোণা ভেকচিনটোৰ মানৱদেহত ট্ৰাইল আৰম্ভ হয়। স্বেচ্ছাই সেই ইনজেকশ্যন লয় দিল্লীৰ ৩০ বছৰীয়া এজন ব্যক্তিয়ে। সেইদিনাই ৫০ জনক ভেকচিন দিয়া হয়। শনিবাৰে এই ভেকচিন প্ৰয়োগ কৰা হয় আৰু ছজনে। ভেকচিন ট্ৰাইল টীমৰ হেডে সংবাদসংস্থা এ এন আইক কয় যে, প্ৰথম দফাৰ পৰীক্ষা শেষ। এতিয়ালৈকে ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া দেখা পোৱা নাই। ফলাফলো উত্সাহজনক। এতিয়া দ্বিতীয় দফাৰ পৰীক্ষাৰ বাবে আগবাঢ়িছে টীমটো। অন্তত ৭৫০ জন স্বেচ্ছাসেৱকৰ উপৰিও দেশৰ ১২ টা ঠাইত এই ভেকচিন প্ৰস্তুত কৰা হ’ব। ইয়াৰ লগতে অক্সফোৰ্ডৰ ভেকচিনটোৰো দ্বিতীয় আৰু তৃতীয় দফাৰ পৰীক্ষা চলোৱাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি বিচাৰিছে চিৰাম ইনষ্টিটিউটে।