পুৰুষেই হওক বা মহিলাই হওক, প্ৰতিজন মানুহৰ জীৱন বিভিন্ন অসুবিধাৰে ভৰি আছে। কিন্তু যেতিয়া মানুহৰ লিংগ নিৰ্ধাৰণ কৰা নহয়, তেতিয়া সেই অসুবিধাবোৰ আৰু অধিক জটিল হৈ যায়। অৰ্থাৎ, তেওঁ এগৰাকী ট্ৰেন্সজেণ্ডাৰ (Famous transgenders of India)। আমাৰ সমাজত ট্ৰেন্সজেণ্ডাৰসকলক সুকীয়া দৃষ্টিৰে চোৱা হয়। এনে পৰিস্থিতিত তেওঁলোকৰ বাবে উচ্চ স্থিতি প্ৰাপ্ত কৰাটো অতি প্ৰত্যাহ্বানজনক। কিন্তু ভাৰতত বহুতো ট্ৰেন্সজেণ্ডাৰ আছে, যিয়ে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা এক মহান স্থান অৰ্জন কৰিছে। আজি যথেষ্ট বিখ্যাত এনে ৮গৰাকী সমকামীৰ বিষয়ে জানো আহক।
ভাৰতৰ প্ৰথম ট্ৰেন্সজেণ্ডাৰ অধিবক্তাঃ সত্যশ্ৰী শৰ্মিলা (Sathyasri Sharmila) হৈছে ভাৰতৰ প্ৰথম ট্ৰেন্সজেণ্ডাৰ অধিবক্তা। তেওঁ ওকালতি পঢ়িবলৈ সিদ্ধান্ত লৈছিল যাতে তেওঁ অন্যায়ৰ বিৰুদ্ধে যুঁজিব পাৰে। তেওঁ তামিলনাডু ৰাজ্যৰ বাসিন্দা, য'ত শিক্ষিত লোকৰ সংখ্যা বহুত বেছি। তথাপি তেওঁ যথেষ্ট সমালোচনা আৰু শোষণৰ সন্মুখীন হৈছিল।
ভাৰতৰ প্ৰথম ট্ৰেন্সজেণ্ডাৰ বিচাৰকঃ অক্টোবৰ ২০১৭ত ২৯ বছৰীয়া জয়তা মণ্ডল ভাৰতৰ প্ৰথম ট্ৰেন্সজেণ্ডাৰ বিচাৰক হৈছিল (India's first transgender judge)। তেওঁক উত্তৰ বংগৰ লোক আদালতত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ট্ৰেন্সজেণ্ডাৰৰ অধিকাৰৰ বাবে কাম কৰা সংগঠনবোৰৰ সৈতে কাম কৰোঁতে তেওঁ আইন অধ্যয়ন কৰিবলৈ অনুপ্ৰাণিত হৈছিল।
মহাবিদ্যালয়ৰ অধ্যক্ষৰ ৰূপত ভাৰতৰ প্ৰথম ট্ৰেন্সজেণ্ডাৰঃ বিবেকানন্দ সতোবৰ্শিকী মহাবিদ্যালয়ত সহযোগী অধ্যাপক হিচাপে কাম কৰা মানবী বন্দোপাধ্যায় ভাৰতৰ প্ৰথম ট্ৰেন্সজেণ্ডাৰ, যি মহাবিদ্যালয়ৰ অধ্যক্ষ হয়। (India's first transgender college principal)। ২০১৫ চনত তেওঁ কৃষ্ণনগৰ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ হৈছিল। ইয়াৰ উপৰি তেওঁ পিএইচডি ডিগ্ৰী লাভ কৰা ভাৰতৰ প্ৰথম ট্ৰেন্সজেণ্ডাৰ।