Change Language
মুখ্যপৃষ্ঠা » ফটো » দেশ
1/ 4


চাকৰিজীৱিৰ বাবে আছে ভাল খবৰ। কোৰোণা মহামাৰীৰ ফলত চাকৰি হেৰুওৱা সকলে লাভ কৰিব কিছু সকাহ। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা।
2/ 4


উল্লেখযোগ্য যে, বিগত মাহকেইটাত চাকৰি হেৰুৱালে প্ৰায় ২ কোটি লোকে। অভাৱনীয় ভাবে দেশত বৃদ্ধি পাইছে নিৱনুৱা সমস্যা। কিন্তু এই পৰিস্থিতিত দেশৰ অৰ্থনীতি সুস্থিৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ নৱম সংযোজন হিচাপে চাকৰি হেৰুওৱা কৰ্মচাৰীসকলক তিনি মাহৰ ৫০ শতাংশ দৰমহা আদায় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
3/ 4


কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা অনুসৰি, ল’ক ডাউন ঘোষণা হোৱাৰ দিনটোৰ পৰা ৩১ ডিচেম্বৰ পৰ্যন্ত সময়খিনিত যিসকল লোক কৰ্মহীন হ’ল তেওঁলোকক আৰ্থিক ভাবে সহায় কৰিব চৰকাৰে। পিছে এই সুবিধা লাভ কৰিবলৈ থাকিব বিশেষ চৰ্ত।