দেশত দ্ৰুতগতিত বাঢ়িছে কোৰোণাৰ সংক্ৰমণ। কোৰোণাৰ দ্বিতীয় ঢৌয়ে ধাৰণ কৰিছে জটিল ৰূপ। বিশেষকৈ মাংসৰ বজাৰত পৰিছে কোৰোণাৰ প্ৰভাৱ। বিগত এসপ্তাহত মুৰ্গীৰ মাংসৰ দামত পতন হৈছে। গোটা মাংসৰ দাম ৩০ টকা আনহাতে কটা মাংসৰ প্ৰতি কেজিত ৪০ টকা হ্ৰাস পাইছে। কিছুদিন পূৰ্বে আকাশ চুইছিল মুৰ্গীৰ মাংসৰ দামে। কিন্তু গাজিপুৰৰ মুৰ্গীৰ মাংসৰ দাম এতিয়া হ্ৰাস পাইছে। গাজিপুৰৰ মণ্ডিৰ পৰা প্ৰতিদিনা ৫ লাখ মুৰ্গীৰ যোগানধৰা হয়। আটাইতকৈ বেছি পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশলৈ এই ঠাইৰ পৰাই সৰ্বাধিক মুৰ্গী নিয়া হয়। হোলীৰ সময়ত মুৰ্গী মাংসৰ দাম বাঢ়িছিল। মুৰ্গীৰ মাংসৰ বিক্ৰেতাই জনোৱা মতে, গাজিপুৰৰ বেলেগ বেলেগ স্থানত মুৰ্গী মাংসৰ দাম ১৬০ টকা, ১৮০ টকা, ২০০ টকা প্ৰতি কেজিত বিক্ৰী হৈছে। যোৱা দেওবাৰে গোটা মুৰ্গীৰ দাম আছিল ৯৫ টকাৰ পৰা ১১৫ টকা। সেইদৰে কটা মুৰ্গীৰ দাম আছিল ২০০ টকাৰ পৰা ২২০ টকা পৰ্যন্ত। কিন্তু কোৰোণাৰ সংক্ৰমণ বৃদ্ধিৰ লগে লগে প্ৰতি কেজি মুৰ্গীৰ দাম ৮৫ টকা হৈছে।