তীব্ৰ বৃষ্টিপাত দিল্লীত। একাধিক ঠাই হৈ পৰিছে জলমগ্ন। সোমবাৰে পুৱাৰ পৰা প্ৰৱল বৃষ্টিপাত ৰাজধানী দিল্লীত। প্ৰৱল বৰষুণৰ ফলত হৈছে তীব্ৰ যান-জঁট। এনে দুৰ্যোগৰ সময়তে এক ভয়ংকৰ ঘটনাৰ সাক্ষী হ'ল দিল্লী। ধাৰাসাৰ বৰষুণে দিল্লীৰ বিভিন্ন ঠাইত প্ৰলয়ৰ সৃষ্টি কৰিছে। নেৰানেপেৰা বৰষুণত বহুতো ঠাই ধ্বংস হৈছিল। দ্বাৰকা চেক্টৰ ১৮ৰ ওচৰৰ এটা পথ খহি পৰে। এখন গাড়ী ৰাস্তা ফাঁটি তললৈ সোমাই য়ায়। জানিব পৰা মতে, মাটিৰ তলৰ গাড়ীখন সোমাই যায় যদিও গাড়ীখনত থকা লোকসকল সৌভাগ্য ক্ৰমে ৰক্ষা পৰে। সোমবাৰে পুৱাৰ পৰা ৰাজধানী অঞ্চলত ধাৰাসাৰ বৰষুণ হৈছে। নেৰানেপেৰা বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সাধাৰণ লোকৰ জীৱন। এনে কঠিন পৰিস্থিতিত এজন যুৱকৰ মৃত্যু হয়। যুৱকজনৰ নাম ৰবি চৌটালা। ৰবিয়ে পানীৰ ফটো তুলিবলৈ গৈছিল। কিন্তু দৰ্ভাগ্যবশতঃ আণ্ডাৰপাছৰ তলত ডুব যায় যুৱকজন। ২৭ বছৰীয়া যুৱকজন ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। ঘটনাটো প্ৰহ্লাদপুৰত সংঘটিত হৈছিল।