যোৱা কেইদিনমানৰ পৰা ক'ভিড সংক্ৰমণ কমিছিল যদিও দেশখন কোৰোনা ভাইৰাছ (Coronavirus)ৰ পৰা সম্পূৰ্ণৰূপে উপশম হোৱা নাছিল। কিন্তু যোৱা ২৪ ঘণ্টাত দেশত সংক্ৰমণ কালিতকৈ সামান্য বৃদ্ধি হোৱা দেখা গৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ ঘণ্টাত ২৭,১৭৬জন লোক নতুনকৈ আক্ৰান্ত হৈছে। পূৰ্বৰ ২৪ ঘণ্টাত এই সংখ্যা আছিল ২৫,৪০৪। (প্ৰতিনিধিত্বমূলক ছবি)