বিশেষজ্ঞই পূৰ্বেই জনাইছিল যে, চলিত বছৰৰ জুন-জুলাই মাহত কোৰোণাৰ তৃতীয় ঢৌৰ প্ৰভাৱ পৰিব সমগ্ৰ দেশতে। আৰু এই আক্ৰমণৰ পৰা নিস্তাৰ নাপাব শিশুসকলেও। আৰু এই আশংকাতে এতিয়া দিন পাৰ কৰিছে চিকিৎসকে। বৰ্তমান সময়ত কোৰোণাত শিশু আক্ৰান্ত হোৱাৰ হাৰ তুলনামূলক ভাবে কম। কিন্তু তৃতীয় ঢৌত পৰিস্থিতি সলনি হোৱাৰ আশংকা কৰা হৈছে।