ভাৰতৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত শনিবাৰৰ পৰা কোৰোণা ভেকচিনৰ ড্ৰাই ৰান আৰম্ভ হৈছে। ইয়াৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে কোভিড ১৯ ভেকচিন বিতৰণৰ বাবে গুগল প্লে’ ষ্টোৰ বা এপল ষ্টোৰৰ পৰা এপ ডাউনলোড কৰাৰ কথা উল্লেখ কৰিছে। টিকাৰৰণ ব্যৱস্থা সুচাৰুৰূপে কৰাৰ বাবে এই এপৰ জৰিয়তে নাম পঞ্জীয়ন কৰিব লাগিব। যাতে শীঘ্ৰে এই ভেকচিন পাব পৰা যায়।
Co-WIN (COVID-19 Vaccine Intelligence Network) , eVIN (Electronic Vaccine Intelligence Network) আপগ্ৰেড কৰিব লাগিব আৰু এই এপ প্লে ষ্টোৰৰ পৰা বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰিব। স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা জনাইছে যে চৰকাৰে তিনিটা পৰ্যায়ত কোৰোণাৰ টিকা প্ৰদান কৰিব। প্ৰথম পৰ্যায়ত ফ্ৰণ্ট লাইন হেলথকেয়াৰ প্ৰফেচনেল আৰু দ্বিতীয় পৰ্যায়ত জৰুৰীকালীন সেৱাত জড়িত লোকসকলক দিয়া হ’ব। তৃতীয় পৰ্যায়ত শৰীৰত কঠিন ৰোগ থকাসকলে টিকা ল’ব পাৰিব। ইয়াৰ বাবে কো–উইন এপৰ জৰিয়তে ছেলফ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব।
যিসকলে টিকাকৰণ কৰিব বিচাৰে তেওঁলোকে পঞ্জীয়ন মডিউলত সকলো বিৱৰণ দিব লাগিব। ভেকচিনেচনৰ মডিউলত তেওঁলোকৰ বিৱৰণৰ সত্যতা নিশ্চিত কৰা হ’ব। স্বীকৃতি মডিউলত টিকাকৰণৰ এখন চাৰ্টিফিকেট দিয়া হ’ব।কো–উইন এপত ভেকচিনৰ বাবে কৰিব লাগিব ৰেজিষ্ট্ৰেচন, যিসকলে জনস্বাস্থ্য বিষয়ববীয়া নহয়, তেওঁলোকে ভেকচিনৰ বাবে ৰেজিষ্ট্ৰাৰ কৰিব লাগিব। এই এপ গুল প্লে’ ষ্টোৰ আৰু এপল ষ্টোৰত পোৱা যাব। অৱশ্যে এই এপ এতিয়াও মুকলি হোৱা নাই।
এই ৱেবছাইটত ৰেজিষ্ট্ৰাৰ কৰাৰ বাবে ১২খন ফটো আইডি লাগিব। যাৰ ভিতৰত আছে ভোটাৰ আইডি, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপ’ৰ্ট আৰু পেঞ্চনৰ নথি। ইয়াৰ ভিতৰত যিকোনো এখন প্ৰয়োজন হ’ব। অনলাইনত ৰেজিষ্ট্ৰেশ্যনৰ পিছত নিজৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এছএমএছ আহিব। যাতে তাৰিখ, ভেকচিনেচনৰ সময় আৰু ঠাইৰ বিষয়ে জনোৱা হ’ব।