মাত্র ৩৯ বছৰ বয়স৷ এই কম বয়সতে মৃত্যুক কোলাত ঢলি পৰাদাক্ষিণাত্যৰ অভিনেতা চিৰঞ্জীৱি সৰজা৷ দেওবাৰে হৃদৰোগত আক্রান্ত হৈ মৃত্যু হৈছিল এই অভিনেতাজনৰ। এফালে কোৰোণাৰ ভয়াৱহতা, আনফালে প্ৰিয় অভিনেতাৰ আকস্মিক মৃত্যু। মাস্ক পিন্ধি, চকুত পানী লৈ অশ্ৰুসিক্ত বিদায় অনুৰাগীৰ। শণিবাৰে নিশা হঠাৎ বুকুৰ বিষ অনুভৱ কৰিছিল অভিনেতাজনে। সেই বিষৰ পৰা তেওঁ উঠিব নোৱাৰিলে আৰু। দেওবাৰে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় তেওঁৰ। অন্তিম বিদায় দিয়াৰ মুহূৰ্তত তাৰকা অভিনেতা চিৰঞ্জীৱি সৰজাৰ পৰিয়াল। চিৰঞ্জীৱি সৰজাৰ পত্নী দুমাহৰ গৰ্ভৱতী। পত্নী মেঘনাও অভিনেত্ৰী। পৰিয়ালৰ লোকে বিদায় দিয়াৰ সময়ত শোকত ভাগি পৰে পত্নী। ২০১৮চনত প্ৰণয়সূত্ৰে বিবাহপাশত আৱদ্ধ হৈছিল মেঘনা–চিৰঞ্জীৱি। প্ৰথম সন্তানৰ অপেক্ষাৰ মধুৰ সময়তে স্বামীয়ে এৰি থৈ যায় মেঘনাক।