স্বশাসিত তিব্বতৰ মেডগ কাউন্টিৰ সমীপত এই বান্ধ নিৰ্মাণৰ কথা প্ৰকাশ কৰিছে চীনৰ সংবাদমাধ্যমে। এই এলেকাৰ পৰা অৰুণাচল প্রদেশলৈ দূৰত্ব খুব বেচি নহয়। প্রস্তাৱিত এই বান্ধক কেন্দ্ৰ কৰি নিজৰ দেশৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্রকল্প গঢ়ি তোলাৰ পৰিকল্পনা লৈছে চীনে৷ বর্তমান পৃথিৱীৰ সর্ববৃহৎ জলবিদ্যুৎ প্রকল্প আছে চীনতেই৷ ইয়াৰলুং জাংব’ নদীৰ ওপৰত এই চুপাৰ ডামৰ ক্ষমতা তাৰ তিনিগুণ হয় বুলি কৈছে চীনৰ চৰকাৰী সংবাদমাধ্যমে৷Photo-Reuters