প্ৰস্তুতি প্ৰায় শেষ হোৱাৰ দিশে। বজাৰলৈ কোৰোণাৰ ভেকচিন অহা নাই যদিও, বহু চিকিত্সা গৱেষণা সংস্থাই ভেকচিন প্ৰস্তুতৰ শেষ পৰ্যায়লৈ উন্নীত হৈছে। এই সময়ত কিদৰে ভেকচিন প্ৰদান কৰা হ’ব, সেই লৈ বিশেষ ব্লু-প্ৰীণ্ট সাজু কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে জনাইছে যে, প্ৰথম পৰ্যায়ত কোৰোণাৰ ভেকচিন লাভ কৰিবলৈ বাধ্যতামূলক নহয় আধাৰকাৰ্ড। সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ’ব কোৰোণাৰ ভেকচিন। প্ৰথম পৰ্যায়ত কোনে পাব বিনামূলীয়াকৈ কোৰোণাৰ ভেকচিন? ৫০ বছৰতকৈ বেছি ২৬ কোটি মানুহক প্ৰথম পৰ্যায়ত দিয়া হ’ব কোৰোণাৰ টীকা। সেইদৰে যিসকল বিভিন্ন ৰোগত আক্ৰান্ত, কিন্তু বয়স ৫০ তকৈ কম, সেইসকলকো দিয়া হ’ব প্ৰথম পৰ্যায়ত কোৰোণাৰ ভেকচিন। পৌৰসভা কৰ্মী, আৰক্ষী, সেনা বাহিনীত কৰ্মৰত লোককে ধৰি প্ৰায় ২ কোটি লোকক কোৰোণাৰ টীকা প্ৰদান কৰা হ’ব। ইতিমধ্যে ৰাজ্য সমূহক কোৰোণাৰ ভেকচিন প্ৰদানৰ বাবে টাস্ক ফোৰ্চ গঠনৰ নিৰ্দেশ দিছে কেন্দ্ৰই।