

পিঁয়াজৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণলৈ আনিবলৈ পিঁয়াজৰ আমদানিৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। আলুৰ দাম সাধাৰণ জনতাৰ বাবে সহজলভ্য কৰি তুলিবলৈ একেই পথ লোৱাৰ দিশে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। ৰাজ্যসমূহত যোগান বঢ়াবলৈ ভূটানৰ পৰা আলু আমদানি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।


ডিৰেক্টৰেট জেনেৰেল অৱ অ’ৰেন ট্ৰেড এণ্ড ডিজিএফটিয়ে শুকুৰবাৰে জাৰি কৰা এক বিবৃতিত জনোৱা হৈছে যে, আগন্তুক ৩১ জানুৱাৰী ২০২১ পৰ্যন্ত কোনো লাইচেন্স অবিহনে ভূটানৰ পৰা আলু আমদানি কৰা যাব।


সাধাৰণতে আলু আমদানি কৰিবলৈ হ’লে ডিজিএফটিৰ পৰা অনুমোদন ল’বলগীয়া হয়। কাৰণ ই দেশৰ আলুৰ আমদানি নিযন্ত্ৰণ কৰে। কিন্তু বৰ্তমান পৰিস্থিতিৰ কথা লক্ষ্য ৰাখি আগন্তুক ৩১ জানুৱাৰী পৰ্যন্ত এই সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।


কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোয়েলে জনাইছে যে, সকলো মিলাই ১০ লাখ টন আলু আমদানি কৰিব ভাৰতে। ইয়াৰ ফলত আলুৰ দাম নিয়ন্ত্ৰণলৈ আহিব বুলি আশা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।