কোৰোণা ভাইৰাছৰ ফলত দেশৰ বহু প্ৰতিষ্ঠান আৰ্থিক সংকটৰ সন্মুখীন হৈছে। আনকি বহু ব্যৱসায়-প্ৰতিষ্ঠান বন্ধ হোৱাৰো উপক্ৰম হৈছে। কিন্তু ল’ক ডাউনৰ পিছত নতুন নতুন ব্যৱসায় গঢ় লৈ উঠাৰো সম্ভাৱনা নথকা নহয়।
2/ 6
কোৰোণা ভাইৰাছৰ ল’ক ডাউনৰ পিছত সকলোৱে নিজৰ বিল্ডিং, গাড়ী বা নিজৰ ঠাই চেনিটাইজ কৰিব লাগিব। এতিয়া ল’ক ডাউন যথেষ্ট শিথিল কৰা হৈছে। ফলত এই ব্যৱসায় আৰম্ভ হোৱাৰ আছে পূৰ্ণ সম্ভাৱনা।
3/ 6
এই সময়ত ৰাস্তা, ৰে’লৱে ষ্টেচন, ৰে’লগাড়ী, অট’ ৰিক্সা, কোণ্টেইনমেণ্ট জনৰ বিভিন্ন অঞ্চলত চলি আছে চেনিটাইজ কৰাৰ কাম। সেইদৰে যিসমূহ ঠাইৰ পৰা কোৰোণা ভাইৰাছ সংক্ৰমণ হোৱাৰ কম-বেছি পৰিমাণে সম্ভাৱনা আছে, সেই ঠাইত চেনিটাইজ কৰা হৈছে।
4/ 6
যদি আপুনি এই ব্যৱসায় আৰম্ভ কৰে তেন্তে কম সময়তে ভাল উপাৰ্জন কৰিব পাৰিব। দুচকীয়া বাহন চেনিটাইজ কৰিবলৈ লাগিব মাত্ৰ ১৫ৰ পৰা ২০ মিনিট। ইয়াৰ পৰা আপুনি ২০-৩০ টকা আৰামত লাভ কৰিব।
5/ 6
সেইদৰে ৪ চকীয়া বাহন চেনিটাইজ কৰিবলৈ ২০-২৫ মিনিট প্ৰয়োজন হ’ব। ইয়াত আপুনি ৫০০ টকা বা তাতকৈ অধিক উপাৰ্জন কৰিব পাৰিব। যদি দিনটোত ১০ খন বাহনো চেনিটাইজ কৰে, তেন্তে আপুনি উপাৰ্জন কৰিব পাৰিব ৫ হাজাৰ টকা পৰ্যন্ত। য’ত মাহিলী উপাৰ্জন হ’ব ১.৫ৰ আশে পাশে।
6/ 6
এই সময়ত বজাৰত বহু অটমেটিক মেচিন উপলব্ধ। যাৰ জৰিয়তে বাহন চেনিটাইজ কৰিবলৈ একেবাৰে সহজ। কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ গাইড লাইন অনুসৰি কাম কৰিব লাগিব।