যোৱা বছৰ মাৰ্চ মাহৰ ঘটনা। ১৩ মাৰ্চৰ পুৱা হঠাৎ নিজৰ ঘৰৰ পৰা নিখোঁজ হৈছিল এগৰাকী ১২ বছৰীয়া কিশোৰী। পিছত মুণ্ডহীন অৱস্থাত উদ্ধাৰ কৰা হৈছিল কিশোৰীগৰাকীৰ মৃতদেহ। • পিছত মৰনোত্তৰ পৰীক্ষাত ধৰা পৰিছিল যে, কিশোৰীগৰাকীৰ ওপৰত অকথ্য যৌন নিৰ্যাতন চলোৱা হৈছিল। এই ঘটনাই সমগ্ৰ দেশ তোলপাৰ লগাইছিল। ঘটনাৰ তদন্তৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কিশোৰীগৰাকীৰ ককায়েক আৰু খুড়াকক। জনা গৈছে যে, যৌন নিৰ্যাতন চলোৱাৰ বাবে ঘৰৰ পৰা অপহৰণ কৰি নিছিল কিশোৰীগৰাকীক। আৰু নিশাৰ আন্ধাৰত ধৰ্ষণ কৰি ডিঙি কাটি হত্যা কৰিছিল কিশোৰীগৰাকীক। আদালতত এই ঘটনাৰ সাক্ষী দিছিল ২৯ জন লোকে। চৰকাৰী আইনজ্ঞ তাহিৰ খানে কৈছিল যে, এই অপৰাধৰ একমাত্ৰ শাস্তি হ'ল মৃত্যুদণ্ড। যোৱা বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ সাগৰ জিলাৰ আদালতৰ বিচাৰক উমাশংকৰ আগৰৱালে প্ৰদান কৰে ফাঁচিৰ ৰায়।