

ভাৰতীয় সেনাৰ ওপৰত এতিয়া বলীউডত নিৰ্মাণ কৰা হৈছে ইখনৰ পিছত সিখন ছবি। প্ৰতিখন ছবিয়েই বক্স অফিচত লাভ কৰিছে আশাপ্ৰদ’ সঁহাৰি। নব্বৈ দশকৰ পৰাই বলীউডত নিৰ্মাণ কৰা হৈছে ভাৰতীয় সেনাৰ ওপৰত ছবি। বৰ্ডাৰ ছবিৰ পৰা সৈনিক, এল অ’ চি কাৰ্গিল, ওৰী–দ্যা ছাৰ্জিকেল ষ্ট্ৰাইক ছবিলৈকে প্ৰায় সংখ্যক ছবিকেই আদৰি লৈছে দৰ্শকে। উৰি–দ্যা ছাৰ্জিকেল ষ্ট্ৰাইকৰ অভিনেতা বিকি কৌশলক শুক্ৰবাৰে দেখা গ’ল ভাৰতীয় সেনাৰ শিবিৰত


বিকি কৌশলে অৰুণাচলৰ ভাৰত–চীন সীমান্তত থকা ভাৰতীয় সেনাৰ শিবিৰত উপস্থিত হৈ সেনাৰ সৈতে কিছু সময় পাৰ কৰে। অভিনেতা জনে ভাৰতীয় সেনাৰ বাবে প্ৰস্তুত কৰে ৰুটি।


বিকিয়ে জীৱনত প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনালৈ ৰুটি প্ৰস্তুত কৰাৰ সুবিধা পাই নিজকে সৌভাগ্যবান বুলি উল্লেখ কৰিছে। পিছত বিকিয়ে ইঞ্চট্ৰাগাম একাউণ্টতো শ্বেয়াৰ কৰে ভাৰতীয় সেনাৰ সৈতে কটোৱা সময়খিনিৰ কিছু ফটো।


বিকিয়ে নিজৰ ইঞ্চট্ৰাগামত উল্লেখ কৰিছে যে– ‘ অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰত–চীনৰ সীমান্তত ১৪,০০০ ফুট উচ্চতাত আমাৰ ভাৰতীয় সেনাৰ সৈতে কিছু সময় পাৰ কৰাৰ সুবিধা পাই অত্যন্ত সুখী। জয় জাৱান, জয় কিষান।’ সেনাৰ শিবিৰত ৰুটি প্ৰস্তুত কৰা ফটো শ্বেয়াৰ কৰি কয় যে, ‘ মই জীৱনত প্ৰথমবাৰ ৰুটি প্ৰস্তুত কৰিলো, তাকো ভাৰতীয় সেনাৰ বাবে!’ এতিয়া মই সুখী’।