মণিপুৰত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ জয়লাভ। হেইগাং সমষ্টিৰ পৰা জয়লাভ কৰিছে এন বীৰেন সিঙে। এন বীৰেন সিঙে জয়লাভ কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ আৱাসৰ বাহিৰত দেখা গ’ল আনন্দ–উল্লাস। যুৱতী–মহিলাসকলে নাচি–বাগি এই বিজয়োল্লাসত অংশগ্ৰহণ কৰা দেখা যায়। বিজেপিৰ প্ৰতীক চিহ্নসম্বলিত শাড়ী পিন্ধি যুৱতী–মহিলাসকলে ভাগ ল’লে বিজয়োৎসৱত। উল্লেখযোগ্য যে মণিপুৰৰ ৬০খন বিধানসভা আসনৰ নিৰ্বাচনৰ আজি ভোটগণনা।