ভাৰতীয় ৰে’লৱেৰ ডাঙৰ ঘোষণা। উৎসৱৰ বতৰত লাখ লাখ কৰ্মচাৰীয়ে লাভ কৰিব উপহাৰ। (প্ৰতীকী ফটো) কেন্দ্ৰীয় কেবিনেটে ৰে’লৱে কৰ্মচাৰীসকলক বাবে ৭৮ দিনৰ বোনাচ প্ৰদানৰ সিদ্ধান্তত ছীল–মোহৰ মাৰিছে। (প্ৰতীকী ফটো) প্ৰডাক্টিভিটী লিংকড বোনাচ (Productivity Linked Bonus) ৰে’লৱেৰ ফালৰ পৰা সেইমৰ্মে বিজ্ঞপ্তি জাৰি কৰা হৈছে। সৰ্বাধিক ৭৮ দিনৰ বোনাচ অৰ্থাৎ ১৭,৯৫১ টকা। (প্ৰতীকী ফটো) ৰে’লৱেৰ এই সিদ্ধান্তৰ ফলত ১১.৫৬ লাখ কৰ্মচাৰী উপকৃত হ’ব। (প্ৰতীকী ফটো) ভাৰতীয় ৰে’লৱেৰ ফালৰ পৰা পিএলবি পেমেণ্ট প্ৰতিজন কৰ্মীক পূজাৰ ছুটিৰ পূৰ্বে দিয়া হয়। কেবিনেটৰ এই সিদ্ধান্ত এই বছৰ ছুটিৰ পূৰ্বেই কাৰ্যকৰী হ’ব। (প্ৰতীকী ফটো) কিন্তু আৰপিএফ–আৰপিএছএফ কৰ্মচাৰীসকলে পিএলআই নাপাব। কিয়নো এই আওতাত সকলো কৰ্মচাৰী নপৰে। (প্ৰতীকী ফটো) ৰে’লৱে ব’ৰ্ডৰ জইণ্ট ডিৰেক্টৰ পিএডিএ এনপি সিঙং কেবিনেটৰ এই সিদ্ধান্ত সম্পৰ্কে সকলো জ’নৰ ছিনিয়ৰ মেনেজাৰসকলক উদ্দেশ্যি নিৰ্দেশনা জাৰি কৰিছে। পূজাৰ ছুটিৰ পূৰ্বেই কৰ্মচাৰীসকলে বিত্তীয় বৰ্ষ ২০২০–২১ৰ বোনাচ লাভ কৰিব। (প্ৰতীকী ফটো) নিৰ্দেশনাত জনোৱা হৈছে যে কোৰোণা মহামাৰীত ৰে’লৱেৰ সন্মুখত যি প্ৰত্যাহ্বান আহিছে, নিজৰ পৰিশ্ৰমক মাধ্যমেৰে যাতে সেই সমস্যাসমূহ দূৰ হয়, সেয়ে প্ৰতিজন কৰ্মীৰ পৰা কঠোৰ পৰিশ্ৰম আশা কৰা হৈছে। (প্ৰতীকী ফটো)