নৱেম্বৰত ভনীয়েকক বিয়া দি, ডিচেম্বৰৰ ৮ তাৰিখে বিবাহ পাশত আৱদ্ধ হৈছিল ভৰতপুৰৰ সৌৰভ কাটাৰা। ভাৰতীয় সেনাৰ ২৮ নং ৰেজিমেণ্টৰ জোৱান সৌৰভ কাটাৰাই বিবাহ পাশত আৱদ্ধ হোৱাৰ কেইদিনমান পিছতে যোগ দিবলগীয়া হৈছিল নিজৰ কৰ্মত। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ সিদ্ধান্ত, মঙলবাৰে জম্মু–কাশ্মীৰত হোৱা সেনা–সন্ত্ৰাসবাদীৰ সংঘৰ্ষত শ্বহীদ হ’ল সৌৰভ। ৩ বছৰৰ আগতে সৌৰভ সেনাবাহিনীত ভৰ্তি হৈছিল । ৰাজস্থানৰ ভৰতপুৰৰ সেনা জোৱান সৌৰভ কাটাৰাই যোৱা নবেম্বৰ মাহত ভগ্নীক বিয়া দিয়াৰ পিছত চলিত ডিচেম্বৰ মাহৰ ৮ তাৰিখে বিবাহ পাশত আৱদ্ধ হৈছিল । কিন্তু দেশ সেৱাৰ বাবে বিয়াৰ কিছু দিনৰ পিছতে আকৌ চাকৰিত যোগ দিবলগীয়া হৈছিল সৌৰভে। মঙলবাৰে সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত বিয়া কৰোৱাৰ এমাহ নহওতেই পত্নীৰ কপাল উকা কৰি চিৰ দিনৰ বাবে আঁতৰি গ’ল সৌৰভ কাটাৰা। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষাকৃত সম্পন্ন কৰা হয় বীৰ শ্বহীদ সৌৰভ কটাৰাৰ