কেৰালাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী অসমৰ মুনমী গগৈক ঘৰ দিব বিজেপি সাংসদ তথা অভিনেতা সুৰেশ গোপীয়ে, বাওঁ দূৰ্গৰ বিজেপিৰ নিৰ্বাচনী প্ৰাৰ্থী প্ৰেম বিবাহ কৰি কেৰালাৰ বোৱাৰী হোৱা মুনমী, চাওক ফটো আৰু সবিশেষ
সাত বছৰ পূৰ্বে এটা ফোনকলৰ জৰিয়তে চিনাকী হোৱা এজন মালায়লম ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ কেৰালাৰ বোৱাৰী হোৱা লখিমপুৰৰ মুনমী গগৈৰ বিষয়ে আপুনি কিমান জানে?


লখিমপুৰৰ মুনমী গগৈ এতিয়া কেৰালাৰ মুনমী চাজি। সাত বছৰ পূৰ্বে এটা ফোনকলৰ জৰিয়তে চিনাকী হোৱা এজন মালায়লম ব্যক্তিৰ সৈতে প্ৰণয় সূত্ৰত বান্ধ খাই কেৰালাৰ বোৱাৰী হোৱা মুনমীয়ে এতিয়া স্বামীৰ ৰাজ্যত ৰাজনৈতিক যাত্ৰাও আৰম্ভ কৰিছে। বাওঁপন্থী দলৰ দূৰ্গ স্বৰূপ কান্নুৰ জিলাৰ ইৰিটিৰ বিকাশ নগৰ ৱাৰ্ডত চিপিএমৰ জ্যেষ্ঠ প্ৰতিদ্বন্দ্বীক প্ৰত্যাহ্বান বিজেপিৰ মুনমীৰ।


সমাজসেৱাৰ কাৰণে বিশেষ ভাৱে পৰিচিত সুৰেশ গোপীয়ে মুনমীক এটা ঘৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। স্বামী, দুই কন্যাৰ সৈতে মুনমীৰ সুখৰ সংসাৰলৈ স্বাভাৱিকতে এটা ভাল খবৰ যিহেতু পৰিয়ালটোৰ নিজা ঘৰ নাই। ইতিমধ্যে সাংসদজনে এই তথ্য নিজৰ ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছে।


মুনমীৰ স্বামী চাজি হৈছে এজন বিজেপি কৰ্মী। সাত বছৰ পূৰ্বে মুনমীৰ প্ৰেমত হাবু–ডুবু খোৱা চাজিৰ হৈ সম্পৰ্ক গঢ়িবলৈ লখিমপুৰত উপস্থিত হৈছিল তেওঁৰ পৰিয়াল।


বিয়া হৈ কেৰালালৈ যোৱা মুনমীয়ে অৱশ্যে যোৱা ছয় বছৰে ঘৰলৈ আহিব পৰা নাই। অহা ব’হাগ বিহুত তেওঁৰ মাকৰ ঘৰলৈ অহাৰ হেঁপাহ।