Bank Holidays in April 2021: এপ্রিল মাহত বেংকৰ কোন কোন দিন বন্ধ? সেয়া জানি লওক! এপ্রিল ২০২১–ত, বেংকসমূহ ১৫ দিনৰ কাৰণে বন্ধ থাকিব। ২০২০-২১ বিত্তবর্ষ শেষ হ’ব ৩১মার্চত৷ বিত্তীয় বৰ্ষৰ শেষৰ কাৰণে ৩১মার্চ তথা ১এপ্রিলত গ্ৰাহকে বেংকৰ কাম কৰিব নোৱাৰিব। গতিকে এনে পৰিস্থিতিত আৰবিআই বেংকৰ ছুটিৰ তালিকাৰ পৰা আপুনি বুজিব পাৰিব যে কোন দিনা বেংকৰ কাম নহ’ব অৰ্থাৎ বন্ধ থাকিব।
গতিকে জানক সমগ্ৰ দেশত বেলেগ বেলেগ ঠাইৰ হিচাপত কেতিয়া বেংক বন্ধ হ’ব পাৰে– ১ এপ্রিল - বৃহস্পতিবাৰ - ওড়িশা দিৱস / বেংকসমূহৰ বার্ষিক হিচাপ ২ এপ্রিল - শুক্রবাৰ - গুড ফ্রাইডে ৪ এপ্রিল - দেওবাৰ - ইষ্টাৰ ৫ এপ্রিল - সোমবাৰ - বাবু জগজীৱন ৰাম জয়ন্তী ৬ এপ্রিল - মঙলবাৰ - অসম তথা দেশৰ অন্য ঠাইত নিৰ্বাচন ১০ এপ্রিল - দ্বিতীয় শনিবাৰ ১১ এপ্রিল - দেওবাৰ
১৩ এপ্রিল - মঙলবাৰ - উগাদি, তেলেগু নৱবর্ষ, গুড়ি পাডুৱা, বৈশাখ, বিজু উৎসৱ ১৪ এপ্রিল - বুধবাৰ - ব’হাগ বিহু, ডঃ আম্বেদকাৰ জয়ন্তী, তামিল নৱবর্ষ, অশোকৰ জন্মদিন, মহা বিষুবা সংক্রান্তি, ১৫ এপ্রিল - বৃহস্পতিবাৰ - বিহু বা অসমীয়া নৱবৰ্ষ, হিমাচল দিৱস, বিষু, বাংলা নৱবর্ষ ১৮ এপ্রিল - দেওবাৰ ২১ এপ্রিল - মঙলবাৰ - ৰাম নৱমী, গড়িয়া পুজা ২৪ এপ্রিল - চতুর্থ শনিবাৰ ২৫ এপ্রিল - দেওবাৰ - মহাবীৰ জয়ন্তী