মুকেশ আম্বানীৰ পৰিয়ালত পুনৰ উৎসৱমুখৰ পৰিৱেশ। সৰু পুত্ৰ অনন্ত আম্বানীৰ বাবে ভাল খবৰ। আজি অনন্ত আম্বানীৰ এংগেজমেণ্ট হয় ৰাধিকা মাৰ্চেণ্টৰ সৈতে। দেশৰ শীৰ্ষ ব্যৱসায়ী মুকেশ আম্বানী আৰু পত্নী নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ আজি এংগেজমেণ্ট হৈ গ’ল ৰাজস্থানত। সম্পৰ্কৰ বান্ধোনেৰে বান্ধ খালে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট। অৱশ্যে এতিয়াও বিয়াৰ তাৰিখ পোহৰলৈ অহা নাই। অনন্ত আৰু ৰাধিকাক বহুদিন ধৰি একেলগে দেখা গৈছিল। ৰাধিকাক আম্বানী পৰিয়ালৰ সদস্যসকলৰ সৈতেও কেইবাটাও অনুষ্ঠানত দেখা গৈছিল। ৰাজস্থানৰ নাথদ্বাৰাৰ শ্ৰীনাথজী মন্দিৰত আজি অনুষ্ঠিত হয় ‘ৰোকা’ পৰ্ব। ৰাধিকা ব্যৱসায়ী বীৰেন মাৰ্চেণ্টৰ কন্যা। অনন্ত আৰু ৰাধিকা ইজনে আনজনক বিগত কিছু বছৰ ধৰি চিনি পায়। অনন্তই আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা সমাপ্ত কৰিছে। শৈলা আৰু বীৰেন মাৰ্চেণ্টৰ কন্যা ৰাধিকাই নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ স্নাতক। তেওঁ এনকোৰ হেল্থকেয়াৰ ব’ৰ্ডত এজন পৰিচালক হিচাপে কাম কৰে। এতিয়া দুয়োৰে শুভ খবৰক লৈ আম্বানী পৰিয়ালত আনন্দৰ বন্যা। ঈশা আম্বানীৰ দুই যমজ শিশুৰ আগমনৰ আনন্দৰ পিছতে এইবাৰ আম্বানী পৰিয়ালত প্ৰৱেশ কৰিব ন–বোৱাৰীয়ে। সূত্ৰ অনুসৰি, শীঘ্ৰে বিবাহপাশত আবদ্ধ হ’ব মুকেশ আম্বানীৰ সৰু পুত্ৰ অনন্ত আৰু ৰাধিকা। দুয়োৰে সুখী দাম্পত্য জীৱনৰ বাবে শ্ৰীনাথজী মন্দিৰত আত্মীয় আৰু বন্ধুবৰ্গই প্ৰাৰ্থনা কৰে।