এংগেজমেণ্ট পৰ্ব সম্পন্ন হ’ল অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ। ৰাজস্থানৰ শ্ৰীনাথজী মন্দিৰত এক হ’ল দুই পৰিয়াল। মাৰ্চেণ্ট আৰু আম্বানী পৰিয়ালৰ শুভ অনুষ্ঠানত সম্পন্ন হয় বৃহস্পতিবাৰে। ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ আৰু মেনেজিং ডিৰেক্টৰ মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আৰু ব্যৱসায়ী বীৰেন মাৰ্চেণ্ট আৰু শৈলা মাৰ্চেণ্টৰ ডাঙৰ কন্যা ৰাধিকাৰ বাগদান পৰ্ব সুকলমে অনুষ্ঠিত হৈ যায়।