আম্বালা সেনা ছাউনীৰ ডি এছ পি ৰাম কুমাৰে জনায়, ৰাফেল ৰখাৰ বাবে আম্বালা এয়াৰবেছক বাছনি কৰাটো গৌৰৱৰ বিষয়। ৰাফেল আম্বালা এয়াৰবেছত ৰখাৰ আঁৰত দেশৰ নিৰাপত্তাৰ বিষয়টো অত্যন্ত গুৰুত্ব দিয়া হৈছে। আম্বালাৰ পৰা চীন সীমান্ত মাত্ৰ ৩০০ কিলোমিটাৰ। এই মুহূৰ্তত চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক খুব এটা ভাল নহয়। সেয়েহে কোনো উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্ট হ’লে যাতে ভাৰতীয় সেনাই নিজৰ এই যুদ্ধ বিমান কামত লগাব পাৰে, তাৰ বাবেই আম্বালা এয়াৰবেছে স্থান পাইছে ৰাফেলে। Photo- File
২০১৬ চনতে ফ্ৰান্সৰ সৈতে ভাৰতৰ ৩৬খন ৰাফেল যুদ্ধ বিমানৰ বাবে চুক্তি হৈছিল। ২০২০ত ভাৰতে তৎপৰতা বৃদ্ধি কৰাত ৫খন যুদ্ধ বিমান আহি আছে ভাৰতলৈ। ভাৰতীয় দূতাবাসে জনাইছে যে নিৰ্ধাৰিত সময়ৰ ভিতৰতে ভাৰতে ১০খন যুদ্ধ বিমান দিব পাৰিছে ফ্ৰান্সে। ইয়াৰ ভিতৰত ৫খন এয়াৰক্ৰাফ্ট প্ৰশিক্ষণৰ বাবে ফ্ৰান্সতে ৰখা হৈছে। আৰু ভাৰতলৈ পঠিওৱা হৈছে ৫খন বিমান। ভাৰতীয় বায়ুসেনাৰ পাইলট, গ্ৰাউণ্ড ষ্টাফ, মেইনটেনেন্সৰ প্ৰশিক্ষণ ফ্ৰান্সতে হ’ব। যাৰ ফলত ভাৰতৰ পৰা ়োৱা পিছৰ বেটচৰ ষ্টাফে অহা ১ মাহ ফ্ৰান্সত প্ৰশিক্ষণ ল’ব। ভাৰতলৈ অহা ৫খন ৰাফেলৰ দুখন ট্ৰেইনিং বিমান আৰু ৩খন যুদ্ধ বিমান। ২০২১ৰ ভিতৰত ৩৬খন ৰাফেল ভাৰতলৈ আহিব। Photo- File