কোৰোণা ভাইৰাছে আৰ্থিক সংকটৰ লগতে মানুহৰ জীৱন–যাপনৰ প্ৰণালীও সলনি কৰি পেলাইছে। নানান বিচিত্ৰ ঘটনা ঘটিছে দেশৰ বিভিন্ন প্ৰান্তত। ইয়াৰ ভিতৰত অন্যতম হ’ল, এলকহলযুক্ত ছেনিটাইজাৰ খোৱাৰ প্ৰৱণতা। অন্ধ্ৰ প্ৰদেশত বহু মানুহে পান কৰিছে ছেনিটাইজাৰ। অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ ৰিপ’ৰ্ট মতে, প্ৰায় ২৩০জন লোকক ছেনিটাইজাৰৰ নিচাত বুৰ গৈ থকা পোৱা গৈছে। অন্ধ্ৰ প্ৰদেশৰ প্ৰকাসম জিলাত বহু লোকক ছেনিটাইজাৰ খোৱা দেখা গৈছে। জিলাখনত বিগত সপ্তাহত ছেনিটাইজাৰ খাই ১৬জন লোকৰ মৃত্যু হৈছে। আৰক্ষীয়ে জানিব পাৰিছে যে বিগত ২৯ জুলাইত উক্ত জিলাখনত ছেনিটাইজাৰ পাৰ্টীও হৈছিল। টাইমছ অৱ ইণ্ডিয়াৰ ৰিপ’ৰ্ট অনুসৰি, অন্ধ্ৰ প্ৰদেশৰ ৩৬জনতকৈ অধিক লোকৰ মৃত্যু হৈছে ছেনিটাইজাৰৰ নিচাৰ ফলত। ছেনিটাইজাৰ খাই মৃত্যু হোৱা ঘটনা ঘটিছে বিশাখাপট্টনম, পশ্চিম গোদাবৰী, গুণ্টুৰ, বিজয়ৱাৰা আৰু কাডাপাতো। জেল ছেনিটাইজাৰৰ দাম অধিক। তৰল ছেনিটাইজাৰৰ দাম কম। সেয়েহে কম দামত কিনি মদৰ সলনি ছেনিটাইজাৰে খাইছে বহু লোকে। এই ঘটনা সংঘটিত হৈছে লকডাউনৰ পৰাই। প্ৰথম লকডাউনত দেশৰ সকলো সুৰাৰ বিপণী বন্ধ আছিল। তেতিয়াৰে পৰা ছেনিটাইজাৰ খোৱাৰ প্ৰৱণতা বাঢ়িছে অন্ধ্ৰ প্ৰদেশত। এতিয়া বহু ঠাইত সুৰাৰ বিপণী বন্ধ। সুৰাসক্তসকলে সেয়েহে মদৰ সলনি খাইছে ছেনিটাইজাৰ। আৰক্ষীয়ে ছেনিটাইজাৰ আসক্তসকলক চিনাক্ত কৰি কাউন্সেলিঙৰ ব্যৱস্থা কৰিছে।