

ফ্ৰী অন্তৰ্বাস স্কীম। অদ্ভুত প্ৰতাৰণা। আগতে কেতিয়াবা শুনিছেনে? এতিয়া এনেধৰণৰ প্ৰৱঞ্চনাৰ বলি হৈছে যুৱতী-মহিলা।


গুজৰাটৰ আহমেদাবাদত সংঘটিত হৈছে এনেধৰণৰ ঘটনা।মহিলাক বিনামূলীয়াকৈ অন্তৰ্বাস প্ৰদান কৰাৰ কথা জনাইছে ছচিয়েল মিডিয়াযোগে। মহিলাসকলক কোৱা হৈছে যে, তেওঁ বিনামূলীয়া অন্তৰ্বাস স্কীমৰ সুবিধা পোৱাৰ বাবে নিৰ্বাচিত। কিন্তু চাইজ নিৰ্বাচনৰ বাবে মহিলাগৰাকীয়ে প্ৰেৰণ কৰিব লাগিব উলংগ ফটো বা চাইজ।আৰু তাৰ পিছতে ঘৰলৈ পঠিওৱা হ'ব আকৰ্ষণীয় অন্তৰ্বাস।


প্ৰথম অৱস্থাত বহু মহিলা প্ৰতাৰণাৰ বলি হৈছিল। কিন্তু ঘটনা তেতিয়া পোহৰলৈ অহা নাছিল। কিন্তু ১৮ বছৰীয়া এগৰাকী যুৱতীক এই প্ৰস্তাৱ দিয়াৰ পিছতে যুৱতীগৰাকী আৰক্ষীৰ কাষ চাপে। যুৱতীগৰাকীয়ে জনাইছে যে, প্ৰতাৰকে তেওঁৰ পৰা নগ্ন ফটো বিচৰাৰ লগতে সকলো ধৰণৰ ব্যক্তিগত বিষয়ে জানিব বিচাৰিছিল। আৰু তেতিয়াই সন্দেহ ওপজে আৰু আৰক্ষীৰ কাষ চাপে।


ঘটনাৰ তদন্তত নামিছে আহমেদাবাদ আৰক্ষীৰ চাইবাৰ ক্ৰাইম ব্ৰাঞ্চ। ইতিমধ্যে এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।


এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, কেৱল সেইগৰাকী কিশোৰীয়েই নহয়, বহুতকে প্ৰতাৰিত কৰিছে গ্ৰেপ্তাৰ কৰা সুৰজ নামৰ যুৱকজনে।