আৰু এবাৰ প্রকৃত নিয়ন্ত্রণ ৰেখাৰ ওচৰত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কাৰণে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৈঠক কৰে বিদেশ মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট তথা সেনাপ্রধান জেনেৰেল এম এম নাৰাভানৰ সৈতে। চৰকাৰী সূত্ৰৰ খবৰ মতে, ভাৰতে নিজৰ আগ্ৰাসী মনোভাৱ বৰ্তাই ৰাখিয়ে আগবাঢ়িব।
অন্য কোনো দেশৰ এক ইঞ্চি ভূমিও কোনোদিনে দখল কৰা নাই চীনে। চীনা সেনাই অন্য দেশৰ ভূখণ্ডত অনুপ্রৱেশ কৰাৰো প্ৰশ্ন নুঠে। লাডাখত নতুনকৈ উত্তেজনাময় পৰিস্থিতিৰ মাজতে এনে দাবী কৰিছে বেইজিঙে৷ ইয়াৰ লগতে অৱশ্যে নৰম সুৰ চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰৰ। ভুল বুজাবুজিৰ কাৰণেই সীমান্তত নতুনকৈ উত্তেজনা বিয়পি পৰিব পাৰে।