নাসিকৰ পিছথ এইবাৰ চিলিগুড়ি। ভেকচিন লোৱাৰ পিছত শৰীৰত চুম্বকীয় শক্তি! হাৰ মানিলে বলীউদৰ ছবিয়ে। কাৰ্যত ম্যেগনেট মেনৰ সন্ধান লাভ কৰা হৈছে চিলিগুড়িত। যোৱা ৭ জুনত টিকা লৈছিল চিলিগুড়িৰ ফুলেশ্বৰীৰ বাসিন্দা নেপাল চক্ৰবৰ্তীয়ে। কোভিশ্বিল্ড টিকাৰ ডোজ লৈছিল লোকজনে। তাৰ পিছতে লোকজনে নিজৰ শৰীৰত চামুচ, খুচুৰা পইচা , হেতা আদি লাগি ধৰিছে বুলি কৰিছে দাবী। শুকুৰবাৰে চক্ৰবৰ্তীয়ে স্বাস্থ্য পৰীক্ষা কৰে। আৰু তেতিয়াই লোকজনৰ চকু কঁপালত উঠে। দেখা গৈছে যে, নাছিকৰ লোকজনৰ দৰে দেওঁৰ শৰীৰতো লাগি ধৰিছে বিভিন্ন বাচন-বৰ্তন। আচৰিত হৈ সমগ্ৰ ঘটনাৰ বিষয়ে লোকজনে সদৰি কৰে পৰিয়ালক। কিন্তু লোকজনে শৰীৰৰ এনে পৰিৱৰ্তন দেখি এই পৰ্যন্ত চিকিৎসকৰ কাষ চপা নাই। লোকজনে জনোৱা মতে, টিকা লোৱাৰ পিছত শৰীৰৰ কোনো সমস্যা হোৱা নাই। জ্বৰ বা শৰীৰৰ বিষ একোৱেই হোৱা নাই। কিন্তু এনেদৰে শৰীৰৰ পৰিৱৰ্তেনেহে লোকজনৰ লগতে তেওঁৰ পৰিয়ালক আতংকিত কৰি তুলিছে বুলি জনাইছে। এই সন্দৰ্ভত চিলিগুড়িৰ বিশিষ্ট চিকিৎসক শংখ সেনে জনোৱা মতে, ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলত এনে হোৱা নাই। লোকজন চিকিৎসকৰ কাষ চাপিলেহে প্ৰকৃত ৰহস্য ওলাই পৰিব বুলি জনায়।