ইন্দোৰত শ, শ কাউৰীৰ মৃত্যুক লৈ কৰা সন্দেহ সত্য প্ৰমাণিত হ’ল। মৃত চৰাইৰ মাজত ঘাতক বাৰ্ড ফ্লুৰ (Bird flu) ভাইৰাছ পোৱাৰ কথা চৰকাৰীভাৱে স্বীকাৰ কৰিছে মধ্যপ্রদেশ চৰকাৰে (Madhya Pradesh Government)৷ ইয়াৰ পিছত ৰাজ্যজুৰি বাৰ্ড ফ্লুৰ এলাৰ্ট জাৰি কৰা হৈছে। মধ্যপ্রদেশের জন সম্পর্ক বিভাগৰ ফালৰ পৰা জাৰি কৰা বিবৃতি অনুসৰি কাউৰীবোৰৰ মৃত্যুৰ কাৰণ জনাৰ পিছত সেয়া নিয়ন্ত্ৰণ কৰিবলৈ পশু পালন মন্ত্রী প্রেম সিং পেটেলে নির্দেশ দিছে৷ চৰাইৰ মৃত্যু ৰোধ কৰিবলৈ ভাৰতৰ চৰকাৰে জাৰি কৰা নিৰ্দেশ পালন কৰাৰ কথা কোৱা হৈছে।
মধ্যপ্রদেশ চৰকাৰে জনায়, ২৩ ডিচেম্বৰৰ পৰা ৩জানুৱাৰী ২০২১ৰ ভিতৰত ইন্দোৰত ১৪২টা, মন্দচৰত ১০০ টা, আগৰ -মালবাত ১১২টা, খৰগোন জিলাত ১৩টা, সিহোৰত ৯ টা কাউৰীৰ মৰিছে। মৃত কাউৰীৰ নমুনা তাৎক্ষণিকভাৱে ভূপালৰ ডিআই প্ৰয়োগশালাত পঠিওৱা হয়। জিলাৰ পশুপালন বিভাগৰ বিষয়াসকলে কাউৰীৰ মৃত্যুৰ খবৰ পাইয়েই জিলা কালেক্টৰৰ নিৰ্দেশত স্থানীয় প্ৰশাসনৰ সাহায্য লৈ অন্য বিভাগৰ সৈতে সম্বনয়ৰ কাৰণে ৰিপ’ৰ্ট পঠিয়াইছে।
ইয়াৰ লগতে পল্ট্ৰি উৎপাদক বজাৰ, ফাৰ্ম. জলাশয়ৰ চৰাই তথা পৰিভ্ৰমী চৰাইৰ ওপৰতো বিশেষ নজৰ ৰখা হৈছে। সকলো নমুনা লৈ ভূপাললৈ পঠিওৱা হৈছে। ৰোগ নিয়ন্ত্ৰণৰ কাৰণে বিষয়াসকলে পিপিই কিট, এণ্টি ভাইৰেল ড্ৰাগছ পঠিওৱা হৈছে। ইয়াৰ বাহিৰে মৃত চৰাইবোৰৰ কাৰণে ডিচপজ তথা ডিচইনফেকটেণ্ট কৰাৰ কাম আৰম্ভ হৈছে৷ কাউৰীসমূহৰ মাজত পোৱা ভাইৰাছ এইচ৫এন৮ এতিয়াও অৱশ্যে মূৰ্গীসমূহৰ মাজত পোৱা নাই। মূৰ্গীবোৰৰ মাজত যি ভাইৰাছ পোৱা গৈছে সেয়া হৈছে এইচ৫এন১৷ মন্ত্রীয়ে ইতিমধ্যে সাধাৰণ মানুহৰ ওচৰত আৱেদন কৰিছে যাতে তেওঁলোকে চৰাইৰ মৃত্যুৰ খবৰ তাৎক্ষণিকভাৱে প্ৰশাসনিক বিভাগক দিয়ে।