দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ অন্তত আজি শেষ নিশ্বাস ত্যাগ কৰে বলীউদৰ বলিষ্ঠ অভিনেতা ইৰফান খানে। ব্যতিক্ৰমী অভিনয় শৈলীয়ে দৰ্শকৰ হৃদয়ত সুকীয়া স্থান দখল কৰা ইৰফান খানৰ সংলাপো আছিল ব্যতিক্ৰম ইৰফান খানে কথা ক’লেই লৈছিল সংলাপৰ ৰূপ পান সিঙ টৌমাৰ ছবিত ইমৰান খানৰ সংলাপ আজিও দৰ্শকৰ মুখে মুখে। ১৯৮৮ চনত প্ৰথমবাৰলৈ বলীউদৰ ছবিত অভিনয় কৰা ইৰফান খানে কেৱল বলীউদতহে নহয়, হলীউদৰ ছবিতো লাভ কৰিছিল সফলতা। ভাৰতীয় ছবিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ইৰফান খানে পদ্মশ্ৰী সন্মানো লাভ কৰিছিল। ২০১৮ চনত কৰ্কট ৰোগত আক্ৰান্ত হয় ইৰফান খান। অসুস্থ অৱস্থাতো ছবিত অভিনয় কৰি গৈছিল অভিনেতাজনে। বুধবাৰে মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে।