১২২ গৰাকী শিল্পীৰ ভিতৰত ১০গৰাকী শিল্পীক তেওঁলোকৰ প্ৰদৰ্শন, উৎকৃষ্টতা আৰু উৎকৰ্ষতাৰ বাবে পুৰস্কৃত কৰা হৈছে। প্ৰতিগৰাকীক দিয়া হৈছে ৫০ হাজাৰকৈ ট্ৰফী। শিল্পীসকলে মিক্সড মিডিয়া, লিনোকাট, ভাস্কৰ্য, এক্ৰিলিককে ধৰি অন্যান্য শ্ৰেণীত তেওঁলোকৰ প্ৰদৰ্শন দাখিল কৰিছিল। বিষয়বস্তু আছিল কালাৰ্ছ এণ্ড য়ুথপুল ৱাইব্স।
আবিৰ ইণ্ডিয়া হৈছে আহমেদাবাদস্থিত স্বেচ্ছাসেৱী সংস্থা (NGO), ইয়াক ২০১৬ চনত চিত্ৰশিল্পী, ডিজাইনাৰ আৰু প্ৰাকৃতিক ৰং বিশেষজ্ঞ ৰুবী জাগ্ৰুটে আৰম্ভ কৰিছিল। ফাউণ্ডেচনে যুৱ শিল্পীসকলৰ প্ৰতিভা বিকাশ আৰু প্ৰচাৰৰ হকে কাম কৰি আহিছে। ফাউণ্ডেচনে শিল্পীসকলক কেৱল সঠিক মঞ্চ প্ৰদান কৰাই নহয়, কলা প্ৰেমী আৰু শিল্পীসকলৰ বাবে সুবিধাজনক কামো কৰে।
এই ১০গৰাকী শিল্পীয়ে পুৰস্কাৰ লাভ কৰিছিল। শুভাংকৰ সুৰেশ চন্দেৰ (পুনে), কিন্নাৰী জিতেন্দ্ৰ টণ্ডলেকাৰ (থানে), শ্ৰীপামা দত্ত (হায়দৰাবাদ), জিন্তু মোহন কলিতা (বৰমা, অসম), প্ৰিয়াৰঞ্জন পুৰকেইত (কলকাতা), আচিফ ইমৰান (লালগোলা, পশ্চিম বংগ), চেৰিং নেগী (চোলান, হিমাচল প্ৰদেশ), ৰুতভিক মেহতা (সুৰেন্দ্ৰনগৰ, গুজৰাট), মৌচামী মাংলা (বদোদৰা), জিথিন জয়া কুমাৰ (বদোদৰা)। (All photo credit- Abir India)