সম্প্ৰতি পঞ্জাবৰ নিৰ্বাচনত বিপুল জয়লাভ কৰিছে আপে। আৰু তাৰ পিছতে হঠাৎ ৰাজনীতিৰ পৰা আপৰ বিদায় লোৱা প্ৰসংগ কিয় তুলিলে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে? সন্মুখত দিল্লীৰ পৌৰ নিৰ্বাচন। সেই নিৰ্বাচনক লৈ এক বিস্ফোৰক মন্তব্য কৰিছে কেজৰিৱালে। কেৱল ইমানেই নহয়, সমগ্ৰ বিষয়টোক লৈ কেন্দ্ৰৰ শাসক দল বিজেপিকো টানিছে কেজৰিৱালে। দিল্লীত তিনিটা পৌৰসভাৰ নিৰ্বাচন আছে, উত্তৰ, পূব আৰু দক্ষিণত। সেই নিৰ্বাচনত কাৰ্যত বিজেপিক চেলেঞ্জ কৰিছে কেজৰিৱালে। কৈছে, যদি এই পৌৰ নিৰ্বাচনত বিজেপিয়ে জিকিব পাৰে, তেন্তে ৰাজনীতিৰ পৰা বিদায় ল’ব আম আদমি পাৰ্টীয়ে। কেজৰিৱালে জনাইছে, কিন্তু নিৰ্বাচন সময়মতে হোৱাটো প্ৰয়োজন। যদি সময়মতে এমচিডি নিৰ্বাচন হয় আৰু তাত বিজেপিয়ে জয়লাভ কৰে, তেন্তে ৰাজনীতিৰ পৰা বিদায় ল’ব আপে। লগতে কেজৰিৱালেৰ কটাক্ষ, বিজেপি বিশ্বৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল। কিন্তু এটা সৰু নিৰ্বাচনত এটা সৰু দলক ভয় খাইছে বিজেপিয়ে।