দিন সকলোৰে সদাই একেই নাযায়। আজি যদি পথৰ ভিক্ষাৰী, কাইলৈ ভাগ্যৰ ফলত হ’ব পাৰে লাখপতি, কোটিপতি। আনহাতে, ভাগ্যৰ ফলত ৰজাও হ’ব পাৰে ভিক্ষাৰী। আচলতে ভাগ্যৰ চকৰি কাৰ কেতিয়া কোনফালে ঘূৰে কোনেও নাজানে! (প্ৰতীকী ফটো) মধ্য প্ৰদেশতো তেনেই এক ঘটনা সংঘটিত হয়। এজন দিন হাজিৰা কৰি খোৱা শ্ৰমিক নিশাটোৰ ভিতৰতে হৈ পৰিল লাখ লাখ টকাৰ মালিক। মধ্য প্ৰদেশৰ পান্না জিলাত এটা হীৰাৰ খনিত কাম কৰাৰ সময়তে হীৰাৰ টুকুৰাটো পায় শ্ৰমিকজনে। (প্ৰতীকী চিত্ৰ) বৃহস্পতিবাৰে হীৰাৰ তিনিটা টুকুৰা পায় শ্ৰমিকজনে। ইয়াৰ বজাৰ মূল্য প্ৰায় ৩০–৩৫ লাখ টকা। জানিব পৰা মতে, চিপৰাঙেৰে মাটি খন্দাৰ সময়তে ৭.৫ কেৰেটৰ তিনিটা হীৰাৰ টুকুৰা পায় শ্ৰমিকজনে। (প্ৰতীকী ফটো) পান্না জিলাৰ ডায়মণ্ড অফিচাৰ আৰ কে পাণ্ডেই জনায়, এই লোকজনে হীৰাৰ টুকুৰাকেইটা জিলাৰ ৱীৰাৰ অফিচত জমা দিছে। চৰকাৰী নিয়ম অনুসৰি সেই হীৰাৰ টুকুৰাকেইটা নিলামত উঠিব। (প্ৰতীকী ফটো) নিলামত যি টকা পাব তাৰ ১২ শতাংশ কৰ কাটি বাকী টকা দিয়া হ’ব শ্ৰমিকজনক। কিছুদিন আগতেও সেই জিলাৰে আৰু এজন শ্ৰমিকে ১০.৬৯ কেৰেট হীৰা পাইছিল। (প্ৰতীকী ফটো)