নতুন বছৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ আহিব পাৰে। কৰ্মচাৰীসকলে এই মাহতেই লাভ কৰিছে দীপৱলীৰ বোনাছ। এই মাহতেই দীপাৱলীৰ বোনাছৰ লগতে ডিএ বৃদ্ধি পাইছিল। কিন্তু এয়াই শেষ নহয়। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীৰ বাবে এইবাৰ আন এক ভাট্টা বাঢ়িবলৈ গৈ আছে। আকৌ এটা ভাট্টা বাঢ়িব পাৰে চৰকাৰী কৰ্মচাৰীসকলৰ। জানিব পৰা মতে, জানুৱাৰীৰ পৰাই সেই টকা লাভ কৰিব কৰ্মচাৰীসকলে। সূত্ৰৰ খবৰ অনুসৰি, কৰ্মচাৰীয়ে লাভ কৰিব পাৰে হাউচ ৰেণ্ট এলাউন্স। এই সংক্ৰান্তীয় বিষয়ত ১১.৫৬ লাখৰো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে কৰা দাবীৰ ওপৰত বিচাৰ কৰিছে চৰকাৰে। এই প্ৰস্তাৱটোৰ অনুমোদন লাভ কৰিলেই জানুৱাৰী ২০২১ৰ পৰাই কেন্দ্ৰীয় চৰকাৰী কৰ্মীয়ে এইচআৰএ লাভ কৰিব।