দিপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ। কিয়নো একেলগে তিনিটা ভাত্তা লাভ কৰিব কৰ্মচাৰীসকলে। বিগত সপ্তাহতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীৰ বাবে আৰু তিনি শতাংশ ডিএ মঞ্জুৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে। অৰ্থাৎ অক্টোবৰ ২০২১ৰ বেতনত অতিৰিক্ত ৩ শতাংশ ডি এ, হাউছ ৰেণ্ট এলাউঞ্চ, এডুকেচন এলাউঞ্চ লাভ কৰিব। এক কথাত অক্টোবৰৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা বাঢ়িব। বিগত সপ্তাহত পে’ কমিচনৰ পৰামৰ্শমতে ডিএ আৰু ডিআৰ ৩ শতাংশ অতিৰিক্তভাৱে বৃদ্ধি কৰিছে কেন্দ্ৰই। ২৮ শতাংশৰ পৰা ৩১ শতাংশলৈ বৃদ্ধি পাইছে ডিএ। ফলত ৪৭.১৭ লাখ চৰকাৰী কৰ্মচাৰী আৰু ৬৮.৬২ লাখ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী উপকৃত হ’ব। যদি কোনো কৰ্মচাৰীৰ বেছিক ছেলাৰী ১৮,০০০ টকা হয়, তেন্তে তেওঁ ২৮ শতাংশ ডিএৰ হাৰত পায় ৫,০৩০ টকা। ৩১ শতাংশ ডিএৰ হাৰত লাভ কৰিব ৫,৫৮০ টকা। যিসকলৰ বেছিক ছেলাৰী ১৮,০০০, তেওঁলোকে ৩১ শতাংশ ডিএৰ হাৰত ৫৪০ টকাকৈ অধিক লাভ কৰিব। বেছিক ছেলাৰী যিমানেই বেছি হ’ব সিমানেই ডিএও বেছি লাভ কৰিব। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শমতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সন্তানসকলৰ বাবে ২২৫০ টকা শিক্ষা ভাত্তা লাভ কৰে। কিন্তু কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ফলত বিগত বৰ্ষত কৰ্মচাৰীসকলে এই ভাত্তা দাবী কৰিব পৰা নাছিল। কেন্দ্ৰীয় চৰকাৰে শিশুসকলৰ লিখা–পঢ়াৰ বাবে এডুকেচন এলাউঞ্চ ছেল্ফ চাৰ্টিফাইড কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ২ সন্তানৰ পঢ়া–শুনাৰ বাবে ২২৫০ টকাকৈ ভাত্তা পায়। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে শিক্ষাবৰ্ষ ২০২০–২০২১ বৰ্ষত এই ভাত্তা দাবী কৰা নাছিল, এইবাৰ কৰিব পাৰে। দুটি সন্তানৰ বাবে ৪৫০০ টকাকৈ বৰ্ধিত বেতন পাব। কেন্দ্ৰীয় চৰকাৰে ৩ শতাংশ হাৰত এইচআৰএ বৃদ্ধি কৰিছে, ফলত এতিয়া এইআৰএৰ পৰিমাণ বৃদ্ধি হৈছে ২৫ শতাংশলৈ। যিহেতু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ ২৫ শতাংশৰ বেছি হৈছে সেয়ে এইআৰএ বৃদ্ধি কৰি ২৭ শতাংশ কৰা হৈছে।