অপহৰণৰ পিছত বলাৎকাৰৰ চেষ্টা। কিন্তু ৭ বছৰীয়া ভতিজীয়েকে চিৎকাৰ কৰাত দুষ্কৰ্ম সংঘটিত কৰিবলৈ সক্ষম নহ’ল। সেয়েহে আক্ৰোষ দূৰ কৰিবলৈ ডিঙিত ফাঁচ লগাই হত্যা কৰে শিশুটিক। প্ৰতীকী ফটো। ইমানতেই শেষ নহয়, হত্যাৰ পিছত মৃতদেহটো টানি নি পেলাই দিলে ঘন জংঘলত। ৩ দিন পিছত আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুটিৰ ক্ষত–বিক্ষত বিবস্ত্ৰ মৃতদেহ। প্ৰতীকী ছবি। পাশৱিক, মানৱতাক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ আহমেদাবাদৰ আগনাজ টোল প্লাজাৰ সমীপত। অভিযুক্ত বলাৎকাৰীক মঙলবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত নিজৰ দোষ স্বীকাৰ কৰিছে অভিযুক্তই। প্ৰতীকী ছবি। স্থানীয় বাসিন্দাসকলে জনায়, ৪৬ বছৰীয়া লোকজন অবিবাহিত। নিজৰ ভাতৃৰ সৈতে একেটা ঘৰতে থাকে। শিশুটিয়ে কাকা বুলি মাতিছিল। এটা কাৰখানাত কাম কৰিছিল অভিযুক্তই। প্ৰতীকী ছবি। আৰক্ষীৰ জেৰাত অভিযুক্তই স্বীকাৰ কৰিছে, শনিবাৰে শিশুটিক গাঁৱৰ কিছু নিলগৰ এক নিৰ্জন ঠাইলৈ লৈ গৈছিল। তাৰ পিছত বিবস্ত্ৰ কৰি বলাৎকাৰৰ চেষ্টা চলাইছিল। প্ৰতীকী ছবি। কিন্তু শিশুটিয়ে চিঞৰ–বাখৰ কৰাত দুষ্কাৰ্য সংঘটিত কৰাত ব্যৰ্থ হয়। আৰু তাৰ পিছতে আক্ৰোশৰ বশৱৰ্তী হৈ শিশুটিক হত্যা কৰে। বিবস্ত্ৰ দেহটো পেলাই দিয়ে জংঘলত। প্ৰতীকী ছবি। আৰক্ষীয়ে জনোৱা অনুসৰি, ১২ ছেপ্টেম্বৰত ৭ বছৰীয়া শিশুটি নিখোঁজ হোৱা বুলি অভিযোগ দাখিল কৰিছিল পৰিয়ালে। অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে। মঙলবাৰে সন্ধিয়া শিশুটিৰ ক্ষত–বিক্ষত গলিত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। প্ৰতীকী ছবি। আৰক্ষীৰ মতে, শিশুটিৰ দেহত কুকুৰে কামোৰাৰ চিন পোৱা গৈছে। অৰ্থাৎ মৃতদেহটো পেলাই দিয়াৰ পিছত সম্ভৱত বনৰীয়া কুকুৰে মৃতদেহটো চিৰাচিৰ কৰি পেলায়। বলাৎকাৰী লোকজনৰ বিৰুদ্ধে একাধিক ধাৰাত ৰুজু হৈছে গোচৰ। প্ৰতীকী ছবি।