

কোৰোণাৰ নতুন ষ্ট্ৰেইনকলৈ এতিয়া আতংকিত ব্ৰিটেইন। দেশে- বিদেশেও পোৱা গৈছে নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সন্ধান। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা বুধবাৰে জনোৱা হৈছে যে, দেশত কোৰোণাৰ নতুন ষ্ট্ৰেইনত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১০২ জনলৈ বৃদ্ধি পাইছে।


কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছে যে, কোৰোণাৰ নতুন ষ্ট্ৰেইনৰ পৰীক্ষাত যাৰ পজিটিভ আহিছে, তেওঁলোকক লগে লগে আইছলেছনত ৰখা হৈছে।


কোনো লোক আক্ৰান্ত হ’লে, তেওঁৰ পৰিয়ালৰ লোকৰ ওপৰত চকু ৰখা হৈছে। নিয়মিত ভাবে ৰাজ্য সমূহক NSACOG (Indian SARS-CoV-2 Genomics Consortium) -ৰ বাবে নজৰ ৰখা বা সংৰক্ষণ, পৰীক্ষা আৰু নমুনা প্ৰেৰণৰ পৰামৰ্শ দিয়া হৈছে।


ডেনমাৰ্ক, নেদাৰলেণ্ড, অষ্ট্ৰেলিয়া, ইটালী, ছুইডেন, ফ্ৰেন্স, স্পেইন, ছুইজাৰলেণ্ড, জাৰ্মানী, কানাডা, জাপান, লেবানন, ছিংগাপুৰ সহ বহু দেশত কোৰোণাৰ নতুন প্ৰজাতিৰ সন্ধান পোৱা গৈছে।