অৱশেষত বাস্তৱায়িত হ’ল উত্তৰ প্ৰদেশৰ ছামলীৰ লিটল ষ্টাৰ আজিম মনছুৰীৰ বিয়াৰ ইচ্ছা। বুধবাৰে দৰা ৰূপে বিয়াৰ মণ্ডপত বহিল ৩ ফুট ওখ বুশৰাৰ সৈতে। মূৰত শ্বেৰৱানী পিন্ধি আজিম মনছুৰীয়ে নিজৰ বৰযাত্ৰাত অতি আড়ম্বৰেৰে ওলাই আহিছিল। উচ্চতাৰ বাবে ছামলী জিলাৰ কাছবা কৈৰানাৰ বাসিন্দা আজিম মনছুৰীৰ বিয়া হোৱা নাছিল, যাৰ বাবে তেওঁ বৰ চিন্তিত হৈ পৰিছিল আৰু বিয়া পাতিবলৈ থানাতো কৰিছিল আবেদন।
আজিম মনছুৰীৰ বিয়াত ২০ৰ পৰা ২৫ গৰাকী বৰযাত্ৰী আছিল। কৈৰানাৰ পৰা খোজ কাঢ়ি আহি হাপুৰত উপস্থিত হয় তেওঁলোক আৰু নিশা ১ বজাত তেওঁলোকৰ বিবাহ সম্পন্ন হয়। মন কৰিবলগীয়া যে আজিম মনছুৰীক কৈৰানাৰ বিখ্যাত লিটিল ষ্টাৰ বুলি কোৱা হয়। আজিম মনছুৰীৰ উচ্চতা ২.৫ ফুট। আজিম মনছুৰীৰ এই সৰু উচ্চতাই তেওঁৰ বিবাহত বাধাৰ সৃষ্টি কৰিছিল। কিছুদিনৰ আগতে আজিম মনছুৰীয়ে সংবাদ মাধ্যমত বিয়াৰ বাবে কাতৰ অনুৰোধ জনাইছিল। সংবাদ মাধ্যমত শিৰোনাম দখল কৰাৰ পিছত বুশৰা নামৰ ছোৱালীজনীক বিচাৰি পাইছিল তেওঁ।
ইউ পিৰ হাপুৰ জিলাৰ বাসিন্দা বুশৰাৰ উচ্চতা ৩ ফুট। অহা ৭ নৱেম্বৰত তেওঁলোকৰ বিবাহ অনুষ্ঠানৰ মনস্থ কৰিছিল যদিও নিৰ্ধাৰিত তাৰিখৰ আগতেই আজিম মনছুৰীয়ে হাপুৰলৈ ৰাওনা হয়। অৰ্থাৎ ২ নৱেম্বৰতে বিয়া সম্পন্ন হয়। গুৰুত্বপূৰ্ণ যে আজিম মনছুৰীৰ বিয়াত বিপুল জনসমাগম হ’ব বুলি পৰিয়ালৰ লোকে আশংকা কৰিছিল। কিয়নো তেওঁ অঞ্চলটোত অতি বিখ্যাত।
উল্লেখ্য, ২০১৯ চনত আজিম মনছুৰীয়ে বিয়াৰ বাবে থানাৰ কাষ চাপিছিল। কেৱল এয়াই নহয় আজিম মনছুৰীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱকো নিজৰ বাবে পত্নী বিচাৰি উলিয়াবলৈ অনুৰোধ জনাইছিল। ২০২১ চনতো আজিম মনছুৰীয়ে ছামলীৰ মহিলা আৰক্ষী থানা আৰু কৈৰানা আৰক্ষী থানাত আবেদন জনাইছিল। তেওঁৰ উচ্চতাই এইক্ষেত্ৰত বাধা দিছিল। কিন্তু বিয়া পতাৰ হেঁপাহে তেওঁক ছ’চিয়েল মিডিয়াত ষ্টাৰ কৰি তুলিছিল।