এগৰাকী মহিলাক শ্লীলতাহানি কৰাৰ পিছত চলন্ত ৰে’লৰ পৰা যুৱতীক পেলাই দিয়াৰ চেষ্টা। মহাৰাষ্ট্ৰৰ থানে জিলাৰ লোকেল ট্ৰেইনত ঘটা এই ঘটনাই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। PIT-ৰ ৰিপোৰ্ট অনুসৰি, বুধবাৰে নিশা সংঘটিত হৈছে এই ঘটনা। ২১ বছৰীয়া যুৱতীগৰাকীয়ে কাছাৰা ষ্টেচন যোৱাৰ বাবে লোকেল ট্ৰেইনত উঠিছিল। তেতিয়াই যুৱতীগৰাকীক শ্লীলতাহানি কৰে এজন ব্যক্তিয়ে। নিজকে বচাবলৈ যুৱতীগৰাকীয়ে প্ৰতিবাদ কৰে ট্ৰেইনতে। আৰু তেতিয়াই যুৱতীগৰাকীক ট্ৰেইনৰ পৰা পেলাই দিবলৈ চেষ্টা কৰে। ঘটনাৰ সন্দৰ্ভত ষ্টেচনৰ আৰক্ষী ইনস্পেক্টৰ ভিডি শাৰ্দূলে কয় যে, ‘ঘটনাটি সংঘটিত হৈছে খাৰদীৰ পৰা উম্বৰমালী ষ্টেচনৰ মাজৰ এলেকাত। সৌভাগ্যক্ৰমতে, যুৱতীগৰাকী লম্পটটোৰ কবলৰ পৰা নিজকে ৰক্ষা কৰে। তাৰ পিছত আৰক্ষী চকীত ৰুজু কৰে গোচৰ। PTI সূত্ৰই জনাইছে যে, ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত অমল যাদৱে(২৩) আৰু আমান হিলা নামৰ দুজন যুৱকে গ্ৰেপ্তাৰ কৰে।