১৫০ কেজি ওজনৰ এটা বিশাল সামুদ্ৰিক মাছক লৈ হুৱাদুৱা পশ্চিম বংগৰ দিঘাৰ মাছ বজাৰত। প্ৰায় ১৫০ কেজি ওজনৰ বিশাল আকৃতিৰ সামুদ্ৰিক মাছটো বিক্ৰী হ’ল ৩৫ হাজাৰ টকাত। ওড়িশাৰ এজন মৎস্যজীৱীৰ জালত লাগিল এই বিশাল মাছটো। মাছ মাৰি থকাৰ সময়তে মাজ সমুদ্ৰত জালত পৰে এই মাছটো। হঠাৎ জালত প্ৰচণ্ড ওজন লাগি ধৰাত জাল টানি দেখে এই প্ৰকাণ্ড মাছটো। মাছ সমুদ্ৰৰ পৰা মাছটো অনা হয় দিঘা মাছ বজাৰলৈ। এই প্ৰকাণ্ড মাছটো কিনে উত্তৰ ২৪ পৰগনাৰ এজন লোকে। এই মাছটোক লৈ দিঘা বজাৰত বহু সময় ধৰি সৃষ্টি হয় চাঞ্চল্যৰ।