বিবাহৰ ভিডিঅ'বোৰ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত,কাৰণ কইনা দুগৰাকী কিন্তু দৰা এজন। দুই যমজ ভগ্নীয়ে স্বামী হিচাপে গ্ৰহণ কৰিলে অতুল নামৰ এজন যুৱকক। জন্মৰে পৰা যিদৰে দুই ভগ্নী দেখাত একে আছিল ঠিক তেনেদৰে মনৰো মিল আছিল। ভাগ্যক্ৰমত দুই ভগ্নীৰ মনৰ মানুহজনও হ’ল এজন যুৱক। ভগ্নী পিংকী আৰু ৰিংকীৰ হৃদয়ত স্থান পালে অতুলে।
হোমৰ জুইক সাক্ষী কৰি দুই ভগ্নীৰ শিৰত সেন্দুৰ বুলালে স্বামী অতুলে। দুই যমজ ভগ্নীৰ সৈতে জীৱনৰ পাতনি মেলিলে এজন যুৱকে। এতিয়া ছ’চিয়েল মিডিয়াত চলিছে বিয়া খনক লৈ চৰ্চা। দুই ভগ্নীয়ে জানিবলৈ দিয়া অনুসৰি,দুয়ো ভগ্নীয়ে অলপ সময়ৰ বাবেও এজনীয়ে আনজনীক এৰি থাকিব নোৱাৰে। দুয়ো ভগ্নীয়ে একেটা কোম্পানীতে কাম কৰে বুলিও জানিবলৈ দিয়ে।