ইন্দিৰাই ১৯৮৩ চনত শিশু শিল্পী হিচাপে অভিনয় কৰিছিল। সুব্ৰত সেনৰ ২০০১ চনৰ ছবি এক জেহে কন্যাত তেওঁৰ অভিনয়। তাৰ পিছত, প্ৰয়াত পৰিচালক ৰিতুপৰ্ণ ঘোষৰ 'তিতলি', অপৰ্ণাৰ 'মিষ্টাৰ এণ্ড মিচেছ আয়াৰ'য়ে প্ৰশংসা লাভ কৰিছে। কংকনাই অপৰ্ণাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।বলীউডৰ ভিন্ন ধাৰাৰ ছবিৰ পৰা বাণিজ্যিক চলচ্চিত্ৰলৈকে- কংকনা সকলোতে সফল। কংকনাই 'পেজ ৩', 'ওমকাৰা', 'লাইফ ইন এ মেট্ৰ', 'ৱেক আপ চিড', 'আজা নচ লে', 'লাক বাই চান্স', 'লগা চুনৰি মে দাগ'ৰ দৰে জনপ্ৰিয় চলচ্চিত্ৰৰ নায়িকা হিচাপে অভিনয় কৰে।
'আজা নাচ লে’ ছবিত কাম কৰাৰ সময়তে কংকনাই অভিনেতা ৰণবীৰ শোৰীক লগ পাইছিল। ক্ৰমান্বয়ে বন্ধুত্ব আৰু প্ৰেম। বিয়াৰ পূৰ্বে লিভ ইনত থকা কংকনা গৰ্ভৱতী হৈছিল। সমাজৰ কটু কথা এৰাই চলিবলৈ সেই বছৰতে অৰ্থাৎ ২০১০ চনত দুয়ো বিবাহ পাশত আৱদ্ধ হয়। তাৰকা দম্পতীহালে তেওঁলোকৰ পুত্ৰ হাৰুণৰ সৈতে গোটেই জীৱন একেলগে থাকিব বুলি প্ৰতিশ্ৰুতিৱদ্ধ হয়।
কিন্তু প্ৰাক্তন দম্পতীহালে পুত্ৰ হাৰুণৰ বাবে নতুন নিয়মৰ অধীনত বাস কৰিবলৈ আৰম্ভ কৰিছিল। দুয়োজন শিল্পীয়ে আক্ষৰিক ভাৱে নিজৰ মাজৰ দূৰত্ব হ্ৰাস কৰিছিল। তেওঁলোকৰ সিদ্ধান্ত হৈছে এজন 10 বছৰীয়া সন্তান পিতৃ–মাতৃৰ উভয়ৰে স্নেহৰ অভাৱত যাতে প্ৰভাৱিত নহয়। তেওঁলোকে তেওঁলোকৰ সন্তানৰ বাবে ওচৰা–ওচৰিকৈ ঘৰো কিনিছে। বিচ্ছেদ হ’লেও প্ৰাক্তন স্বামীৰে সু–সম্পৰ্ক ৰক্ষা কৰি আহিছে কংকনাই।
দেশৰ প্ৰতিগৰাকী চলচ্চিত্ৰ সমালোচক এগৰাকী অভিনেত্ৰী হিচাপে তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে। কিন্তু এইগৰাকী কংকনাকো পৰিচালকে কেৱল গাৰ ৰঙৰ বাবে একাধিকবাৰ বাতিল কৰিছিল। অভিনেত্ৰীগৰাকীয়ে একাধিকবাৰ প্ৰত্যাখ্যানৰ সন্মুখীন হোৱা স্বত্বেও বলীউড এৰি দিয়া নাছিল। পৰৱৰ্তী সময়ত নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে সকলোৰে হৃদয় জয় কৰিছে। আজি তেওঁ এগৰাকী সফল অভিনেত্ৰী, এগৰাকী সফল পৰিচালক। তেওঁ এগৰাকী সফল মাতৃ আৰু কন্যাও। শুভ জন্মদিন কংকনা।